আজি বিশ্ব যোগ দিৱস ।প্ৰতিবছৰৰ ২১জুন তাৰিখে এই দিৱস পালন কৰা হয় ।বিশ্ব যোগ দিৱস পোন প্ৰথমবাৰৰ বাবে ২০১৫ চনত অন্তজাৰ্তিক ভিত্তিত আৰম্ভ কৰা হৈছিল ।
২০১৪ চনৰ ৰাষ্ট্ৰঃসংঘৰ এক সাধাৰণ সভাত এই দিৱসটোক লৈ আলোচনা কৰা হৈছিল আৰু বছৰৰ ২১জুন দিনটো নিৰ্ধাৰণ কৰি লৈছিল বিশ্ব যোগ দিৱস ৰূপে।ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত ৰাষ্ট্ৰসংঘৰ এক ভাষণত ২১জুন তাৰিখৰ প্ৰস্তাৱ আগবঢ়াই ।কিয়নো,আজিৰ দিনটো উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘল দিন ৰূপে বিশ্বৰ বিভিন্ন প্ৰান্তত এক বিশেষ গুৰুত্ব আছে ।যোগাষণ হৈছে ভাৰতত উদ্ভৱ হোৱা শাৰীৰিক ,মানসিক আৰু আধ্যাত্মিক অনুশীলন শাখাৰ এক গোট ।
যোগ চৰ্চা প্ৰাক বৈদিক ভাৰতীয় পৰম্পৰাৰ এক অবিচ্ছেদ্য অঙ্গ ।এক গৱেষণাৰ জৰিয়তে এই কথা পোহৰলৈ আহে যে যোগাসনে মানুহৰ মানসিক চাপ হ্ৰাস কৰাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট পৰিমাণে উন্নত কৰিব পাৰে ।বৰ্তমান বিশ্বৰ প্ৰতিজন ব্যক্তিৰ বাবে শৰীৰ সুস্থ হৈ থকাটো নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে।
প্ৰায় অৰ্ধশতাধিক লোকৰ শাৰীৰিক ৰোগ দিনক দিনে বৃদ্ধি পাব লৈছে ইয়াৰ উপৰিও সমগ্ৰ বিশ্বতে কালৰূপ ধাৰণ কৰা মহামাৰী কোৰোনাৰ কৰালগ্ৰাসত আক্ৰান্তহৈ একাংশ লোক মৃত্যুমুখত পৰিছে ।গতিকে প্ৰায়সংখ্যক লোক শৰীৰটোক লৈ চিন্তিত হৈ উঠিছে আৰু আজিৰ এই বিশেষ দিনটোত বিশ্বৰ প্ৰতিটো প্ৰান্তত পুৱাই যোগাসন কৰা পৰিলক্ষিত হৈছে ।যোগাসন আৰু ব্যায়াম আদি শাৰীৰিক চৰ্চাই বিশ্বজুৰি সৃষ্টি হোৱা কোৰোনাৰ পৰা নিৰাময় হোৱাত যথেষ্ট পৰিমাণে সহায় কৰিব পাৰে বুলিও একাংশ ডাক্তৰ আৰু বিজ্ঞানী সকলে মতপোষণ কৰিছে ।