আজি ২৩ জুন আন্তৰ্জাতিক অলিম্পিক দিৱস পালন

“এই পৃথিৱী এক ক্ৰীড়াঙ্গন,
ক্ৰীড়া হ’ল শান্তিৰ প্ৰাংগন…..”

ক্ৰীড়া আৰু স্বাস্থ্য উদযাপনৰ বাবে প্ৰতি বছৰে ২৩ জুনত আন্তৰ্জাতিক অলিম্পিক দিৱস পালন কৰা হয়। ১৮৯৪ চনত আন্তৰ্জাতিক অলিম্পিক সমিতি প্ৰতিষ্ঠা হোৱাৰ দিনটোক বিশেষ দিন উপলক্ষে নিৰ্বাচন কৰা হয় । আজিৰ দিনটোৰ উদ্দেশ্য হৈছে ক্ৰীড়াৰ প্ৰচাৰ কৰা আৰু ক্ৰীড়াক জীৱনৰ এক অবিচ্ছেদ্য অংগ কৰি তোলাৰ বাৰ্তা প্ৰচাৰ কৰা।

আধুনিক অলিম্পিক গেমছৰ সৃষ্টি খ্ৰীষ্টপূৰ্ব ৮ম শতিকাৰ পৰা খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ ভিতৰত গ্ৰীচৰ অলিম্পিয়াত অনুষ্ঠিত প্ৰাচীন অলিম্পিক গেমছৰ দ্বাৰা অনুপ্ৰাণিত। বেৰন পিয়েৰ ডি কুবেৰ্টিনে ১৮৯৪ চনত আন্তৰ্জাতিক অলিম্পিক সমিতি (আইঅচি) প্ৰতিষ্ঠা কৰিছিল আৰু অলিম্পিক গেমছৰ ভেটি স্থাপন কৰিছিল।১৯৪৭ চনত চেকোস্লোভাকিয়াৰ আন্তৰ্জাতিক অলিম্পিক সমিতিৰ সদস্য ডক্টৰ গ্ৰুছে ষ্টকহোমত আন্তৰ্জাতিক অলিম্পিক সমিতিৰ ৪১ তম অধিৱেশনত এক প্ৰতিবেদন দাখিল কৰে আৰু অলিম্পিক দিৱস উদযাপনৰ বাবে এটা দিন পালন কৰাৰ প্ৰস্তাৱ দিয়ে।

এবছৰ পিছত ১৯৪৮ চনত আয়োজক সমিতিয়ে অৱশেষত পেৰিছৰ চ’ৰবোনত আন্তৰ্জাতিক অলিম্পিক সমিতিৰ ভেটিক সন্মান জনোৱাৰ বাবে ২৩ জুনক আন্তৰ্জাতিক অলিম্পিক দিৱস হিচাপে সিদ্ধান্ত লয়প্ৰথম অলিম্পিক দিৱস ১৯৪৮ চনত উদযাপন কৰা হৈছিল। আজিৰ এই বিশেষ দিনটো অলিম্পিকৰ ধাৰণা প্ৰচাৰ কৰিবলৈ আৰু খেলবোৰত অধিক অংশগ্ৰহণকলৈ উৎসাহিত কৰাৰ বাবে প্ৰস্তাৱ কৰা হৈছিল ২১ জুনত, অন্যহাতে বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে তেওঁলোকে জাপানী কৰ্তৃপক্ষ আৰু আন্তৰ্জাতিক অলিম্পিক সমিতিৰ সৈতে কোভিড-১৯ ৰ এই সময়ছোৱাৰ মাজত বিষদভাবে আলোচনা কৰিব, আয়োজকসকলে ঘোষণা কৰাৰ পিছত কিছুদৰ্শকক টকিঅ’ গেমছত উপস্থিত থাকিবলৈ অনুমতি দিয়া হ’ব। টকিঅ’ ২০২০ ৰ খেলৰ বিভিন্ন স্থানসমূহত ১০,০০০ লৈকে ঘৰুৱা দৰ্শকৰ অনুমতি দিয়া হ’ব, অলিম্পিকৰ আয়োজকসকলে কয়।

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment