ৰাজ্যত কাৰ্যকৰী হ’ব আজিৰে পৰা কোভিডৰ নতুন SOP। নতুন SOPৰ বিধিসমূহ এসপ্তাহৰ বাবে বাহাল থাকিব । শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি এই কথা জনাইছিল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
ইতিমধ্যে ৪খন জিলাত সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে। বিশ্বনাথ,মৰিগাঁও, গোলাঘাটৰ বোকাখাট মহকুমা আৰু গোৱালপাৰা জিলাত কণ্টেইনমেণ্ট জ’ন।
কামৰূপ মেট্ৰ’ত ৪ বজাৰ পৰা সান্ধ্য আইন। বিয়লি ৩ বজালৈ খুলিব পাৰিব দোকান–পোহাৰসমূহ। বাকী জিলা সমূহ পূৰ্বৰ দৰেই থাকিব৷ আন্তঃজিলা যাতায়াত বন্ধ থাকিব৷ ৰাজ্যত ২৪৭টা কোৰোণাৰ হটস্পট চিনাক্ত কৰা হৈছে।