শিৱসাগৰত চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ “গঞাঁ ৰাইজে হাতেৰে নির্মাণ কৰি লৈছে এডাল সাঁকো ।

শিৱসাগৰত ৰাজ্য চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ-স্বাধীনতাৰ ৭৪ বছৰৰ পাছত ও উন্নয়নে ঢুকি নোপোৱা এখন গাঁও ।গাওঁবাসীৰ যাতায়তৰ একমাত্ৰ উপায় এডাল বিপদসংকুল সাঁকো ।দেশে স্বাধীনতা লাভ কৰা ৭৪ বছৰৰ পাছত ও উন্নয়নে ঢুকি নোপোৱা এখন গাঁও ।গাঁওবাসীৰ যাতায়তৰ একমাত্ৰ সমল এডাল বিপদসংকুল সাঁকো ।শিৱসাগৰৰ নগৰৰ মাজমজিয়াৰ পৰা মাত্ৰ ১২ কিলোমিটাৰ নিলগৰ পানবেচা গাঁও পঞ্চায়তৰ অন্তৰ্গত নাওঁজান গাৱৰ ৰাইজে ভুগিছে যমৰ যন্ত্ৰণা ।চৰকাৰী কোনো ধৰণৰ আঁচনিয়েই ঢুকি নোপোৱা এই নাওঁজান গাওঁ আৰু ল’ৰাপুতা অঞ্চলৰ ৰাইজ শিশুৰ পৰাবৃদ্ধলৈকে নিতৌ যাতায়ত কৰে এডাল সাঁকোৰ সহায়েৰে। দৰিকা নদীৰ দ’ এৰাসুঁতিৰ ওপৰত গঞাঁ ৰাইজে নিজ হাতেৰে নির্মাণ কৰি লৈছে এডাল সাঁকো।

নির্বাচনৰ পূৰ্বে বৰ বৰ প্রতিশ্রুতিৰ ফুলজাৰি মৰা প্রতিটো ৰাজনৈতিক দলে নির্বাচনৰ পাছতে গাওঁবাসী আৰু তেওঁলোকৰ সমস্যাসমূহ পাহৰি যায় বুলি অভিযোগ উত্থাপন নাওজান বাসী গঞাৰ ।উক্ত অঞ্চলত যাতায়তৰ অসুবিধাৰ বাবেই প্রৱেশ নকৰে ৰোগীৰ চিকিৎসা সেৱাত থকা ১০৮ বাহন। না কোনো অনাময় আঁচনি,নাই কোনো কৃষক ঋণ কিম্বা চৰকাৰী অভিলাষী আঁচনি ।

চৰকাৰৰ পৰা অতিষ্ঠ হৈ পৰা গাঁওবাসীয়ে এতিয়া কাষ চাপিছে জাতীয় দল সংগঠনৰ।

উন্নয়নৰ ফটাঢোল কোবোৱা চৰকাৰে এইসকল সহজ সৰল গঞাঁ ৰাইজৰ সমস্যাৰাজী দূৰ কৰি কেন্দ্ৰীয় চৰকাৰৰ “সব কা সাথ সব কা বিকাশ “শ্ল’গানক কেতিয়া ৱাস্তৱ ৰূপ দিব নে এনেদৰে উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাই বছৰৰ পাছত বছৰ জীয়াতু ভোগাব গাওঁবাসীক…….এনেবোৰ সমস্যা দৃষ্টিগোচৰ হোৱাৰ পাছত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ’ব লক্ষণীয় ।

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment