৭৫সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বে কপি উঠিল শ্বিলং। ভয়ংকৰ IED বিস্ফোৰণ মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলংত। মংগলবাৰে দিনত লাইটুমখ্ৰা অঞ্চলত সংঘঠিত হয় এই ঘটনা।
বিস্ফোৰণত ৩জনকৈ লোক গুৰুতৰভাৱে আহত হয়। আহত লোকসকলক নাজাৰেথ চিকিৎসালয়ত ভৰ্ত্তি কৰা হয়। বিস্ফোৰন দায়িত্ব স্বীকাৰ নিষিদ্ধ সংগঠন হাইনিৱট্ৰেপ নেচনেল নিলাৰেচন কাউন্সিল(HNLC)ৰ।
বিস্ফোৰন হোৱা বোমাটো জনবহুল অঞ্চলৰ পৰা আঁতৰত ৰখা হৈছিল বুলি মন্তব্য নিষিদ্ধ সংগঠনটোৰ সাধাৰণ সম্পাদক চাইনকুপাৰ নংট্ৰাৱৰ।
আগন্তুক স্বাধীনতা দিৱসত ৰাজ্যবাসীক স্বাধীনতা দিৱস উদযাপন নকৰিবলৈ আহ্বান জনাইছিল। বিগত মাহত সংগঠনটোৱে পূৱ জয়ন্তীয়া পাহাৰৰ ৰিজাৰ্ভ পুলিচৰ কোৱাৰ্টাৰৰ ওচৰত IED বিষ্ফোৰণ কৰিছিল।