অৱশেষত আশংকা কৰাতোৱেই হ’ল।গুজৰাটৰ ব্যৱসায়িক গোষ্ঠী আদানী গ্ৰুপে অসমীয়াৰ স্বাভিমানত পদাঘাত কৰি বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা গোপীনাথ বৰদলৈৰ নামটো আঁতৰাই বিমান বন্দৰটোৰ নতুনকৈ নামকৰণ কৰিলে।অসমৰ প্ৰথম মুখ্য মন্ত্ৰী গোপীনাথ বৰদলৈৰ নাম মচি পেলাই কোম্পানীটোৱে বিমান বন্দৰটোৰ নাম ‘আদানী গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ কৰিছে।
শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ মুখ্যমন্ত্ৰী হৈ থকা লৈকে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নাম সলনি কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে।এই ক্ষেত্ৰত জাতি-মাটিৰ কথা কোৱা অসমৰ বিজেপি শাসিত চৰকাৰখনে
আদানিী গ্ৰুপে অসম তথা অসমীয়াক চৰম অপমান কৰি বিমান বন্দৰ টোৰ নামৰ পৰা গোপীনাথ বৰদলৈৰ নাম গুচাই আদানী গ্ৰুপৰ নামৰে কৰা কাৰ্যক কিদৰে গ্ৰহণ কৰে সেয়া সময়ত লক্ষ্যণীয় হ’ব।