ক্ৰমাত উৰ্ধ গামী হৈছে ক’ভিড আক্ৰান্তৰ হাৰ

অসম চৰকাৰে জাৰী কৰা নতুন SOP মৰ্মে, ১ ছেপ্টেম্বৰৰ পৰা কভিদ সংক্ৰান্তীয় নীতি নিয়ম সমূহত কিছু পৰিমাণে শিথিলতা বিৰাজ কৰা দেখিবলৈ পোৱা যাব। শিক্ষানুষ্ঠান সমূহৰ লগতে, দোকান – পোহাৰ, ধৰ্মীয় অনুষ্ঠান, সভা – সমিতি ইত্যাদিতো মানুহৰ সমাগমৰ বাবে অসম চৰকাৰে অনুমতি প্ৰদান কৰিছে।

সমগ্ৰ ৰাজ্যবাসীৰ বাবে এয়া এক সুখবৰ যদিও অন্যফালে কভিদ সংক্ৰমণৰ হাৰে এক ভয়াবহ ৰূপ লোৱা খবৰ পোহৰলৈ আহিছে ।
চৰকাৰী সূত্ৰ অনুযায়ী জানিবলৈ পোৱা গৈছে যে, বিগত ২৪ ঘণ্টাৰ ভিতৰত ভাৰতত কভিদ সংক্ৰমণৰ হাৰ ক্ৰমে ৩০,৯৪১ জনৰ পৰা ৪১,৯৬৫ জনলৈ বৃদ্ধি পাইছে লগতে মৃত্যুৰ হাৰ ক্ৰমে ২৪ ঘণ্টাৰ ভিতৰত ৩৫০ ৰ পৰা ৪৬০ লৈকে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।

ভাৰতৰ অইন ৰাজ্যৰ তুলনাত কেৰালাত অতি ভয়ানকভাৱে সংক্ৰমিত হৈছে কভিড, ৰাজ্যখনত সৰ্বমুঠ আক্ৰান্তৰ হাৰ ৭২% লৈকে বৃদ্ধি হৈছে। যোৱা মংগলবাৰৰ দিনটোত কেৰালাত আক্ৰান্তৰ সংখ্যা ৩০,২০৩ জন আৰু ইতিমধ্যে মৃত্যু হোৱা লোকৰ সংখ্যা ১১৫জন৷ প্ৰাপ্ত তথ্য অনুযায়ী বৰ্তমানলৈকে দেশত ক’ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৩,২৮,১০,৮৪৫ জন আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৩৯,০২০জন ।
এই ভয়ানক তথ্যৰ মাজতো এক ভাল খবৰ এইয়াই যে ভাৰতবৰ্ষত কভিদ আক্ৰান্ত ৰোগীৰ সমাময়িকভাৱে বৰ্তমানলৈকে কভিদৰ পৰা আৰোগ্য পাপ্তি ৰোগীৰ সংখ্যাও ক্ৰমাৎ ৯৭.৫১% লৈকে বৃদ্ধি পাইছে ।

COVID VACCINEcovid-19enews north eastenewsneenewsne assam
Comments (0)
Add Comment