দেশৰ কৃষকসকললৈ সুখবৰ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনত দেশৰ কৃষক সকলৰ বাবে “PM KISAN” নামৰ এক নতুন আঁচনি মুকলি কৰিছিল আৰু এই আঁচনি মৰ্মে কৃষক সকলক নিম্নতম উপাৰ্জনৰ সহায়ক হিচাপে প্ৰতি বছৰে প্ৰায় ৬০০০ টকা প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰা হৈছিল ।কিন্তু দুৰ্ভাগ্যৱশতঃ আঁচনিখন কাৰ্যকৰী হোৱাৰ পিছত বহু কৃষকে ইয়াৰ সুবিধাৰ পৰা বঞ্চিত হ’বলগীয়া হয় । সেইবাবে বৰ্তমান চৰকাৰে লৈ আহিছে বঞ্চিত হোৱা কৃষকসকলৰ বাবে বিশেষ সুবিধা । চৰকাৰে তেওঁলোকক আগবঢ়াব ৮০০০ টকা আৰু এই সুবিধা কেৱল ২০২১ চনৰ ৩০ ছেপটেম্বৰৰ পূৰ্বে আবেদন কৰা “PM KISAN”ত অন্তৰ্ভুক্ত নোহোৱা কৃষকসকলকহে প্ৰদান কৰা হ’ব ।

চৰকাৰে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ কিছুমান নিয়মাৱলী জাৰী কৰিছে ,আৰুএই নিয়মাৱলীসমূ ক্ৰমে-
• PM KISANৰ লাভালাভ পাবলৈ কৃষকসকলৰ  আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক।
• আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে লিংক থকাটো জৰুৰী
• PMkisan.gov.in ৱেবছাইটত নিজৰ নথি পত্ৰ আপলোড কৰিব লাগিব
• Farmer cornerত ক্লিক কৰি  Edit Adhar Details ত নথি পত্ৰ সমূহ আপডেট কৰিব লাগিব

চৰকাৰে উল্লেখ কৰা মতে, ১০ হাজাৰতকৈ অধিক পেঞ্চন পোৱাসকল এই সুবিধাৰ পৰা বঞ্চিত হ’ব আৰু তাৰ ভিতৰত থাকিব কৰ দিয়া কৃষক, চিকিৎসক , অভিযন্তা, আৰ্কিটেক্ট, মেয়ৰ, বিধায়ক,আৰু জিলাপঞ্চায়তৰ কৰ্মচাৰী ।

Comments (0)
Add Comment