প্ৰণৱ মুখাৰ্জীৰ কন্যা শৰ্মিষ্ঠা মুখাৰ্জীৰ সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ

মুখাৰ্জী পৰিয়ালৰ অন্তিম সদস্য হিচাপে শৰ্মিষ্ঠাই কংগ্ৰেছৰ পতাকা কঢ়িয়াই লৈ গৈ আছিল কিন্তু এইবাৰ তাৰ পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে । প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতা স্বৰ্গীয় প্ৰণৱ মুখাৰ্জীৰ জীয়ৰী শৰ্মিষ্ঠা মুখাৰ্জীয়ে সক্ৰিয় ৰাজনীতি প্ৰত্যাহাৰ কৰিছে। আৰু ৰাজনীতি প্ৰত্যাহাৰৰ কথা তেওঁ শনিবাৰে এক টুইটযোগে ঘোষণা কৰে ।
তেওঁৰ ৰাজনীতি ত্যাগৰ সিদ্ধান্তৰ পিছতে এতিয়া বহুতো প্ৰশ্ন উত্থাপিত হৈছে বহুতে তেওঁক সুধিছে যে শৰ্মিষ্ঠা মুখাৰ্জীৰ দাদা অভিজিত মুখাৰ্জীৰ দৰে তেওঁ আন এটা দলত ভৰি দিব বিচাৰিছে নেকি? এই প্ৰশ্নৰ উত্তৰত প্ৰণৱ-কন্যাই সেই সম্ভাৱনা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে। ।

শৰ্মিষ্ঠা মুখাৰ্জীয়ে উল্লেখ কৰে যে “ৰাজনীতি, বিশেষকৈ বিৰোধী ৰাজনীতিৰ বাবে জ্বলন্ত ভোকৰ প্ৰয়োজন। কিন্তু মই মোৰ কোনো ঠাইতে সেই ভোক অনুভৱ কৰিব পৰা নাই যাৰ বাবে এনে লাগিছিল যে সক্ৰিয় ৰাজনীতিত থকাটো আৰু সঠিক নহয়। দলৰ সভাপতি ছোনিয়া গান্ধী, মুখপাত্ৰ ৰণদীপ সিং সুৰজেৱালা আৰু দিল্লী কংগ্ৰেছৰ নেতা অজয় মাকনে কেইমাহমান আগতে তেওঁক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰাইছিল”। শেষত তেওঁ স্পষ্ট কৰি দিয়ে যে , “দলটোৰ বিষয়ে মোৰ কোনো অভিযোগ নাই আৰু এই সিদ্ধান্ত আনকি আন দলত যোগদান কৰাৰ বাবেও নহ , দেশৰ সেৱা কৰিবলৈ সক্রিয় ৰাজনীতিৰ প্ৰয়োজন নাই । ৰাজনীতি নকৰাকৈ দেশক ভাল পাব পাৰি আৰু দেশৰ সেৱাও কৰিব পাৰি”।

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (1)
Add Comment
  • Best Assamese Song

    very informative news article. i always visit the site for latest news updates. best of luck to the enewsne team