অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে শৰণীয়া পাহাৰত চলিব উচ্ছেদ অভিযান: মুখ্যমন্ত্ৰী

সমগ্ৰ দেশে আজি উদযাপন কৰিছে গান্ধী জয়ন্তী। এই উপলক্ষে আজি গুৱাহাটীৰ মহানগৰীৰ গান্ধী মণ্ডপত GMDAৰ উদ্যোগত উদযাপন কৰা হয় গান্ধী জয়ন্তী। আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জন্ম দিৱস।

সেয়েহে আজি গান্ধী মণ্ডপস্থিত মহাত্মা গান্ধীৰ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত- অবৈধ বেদখলকাৰীৰ উচ্ছেদ অভিযান চলিব শৰণীয়া পাহাৰত।

সেই অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ ঘোষণা- শৰণীয়া পাহাৰত খিলঞ্জীয়া লোকক বাদ দি একাংশ অবৈধ লোক বহিছে।  শৰণীয়া পাহাৰত মদ ভাঙৰো আড্ডা চলে। গতিকে জিলা প্ৰশাসনক উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

এশবছৰৰ শুভ ক্ষণত গান্ধীজীয়ে জিৰণি লোৱা শৰণীয়া পাহাৰত থকা গান্ধী মণ্ডপত গান্ধী জয়ন্তীৰ অনুষ্ঠান আয়োজন কৰি এইদৰে কয় মুখ্যমন্ত্ৰীয়ে। লগতে সকলোকে মহাত্মা গান্ধীৰ আদৰ্শৰে জাতিটোক আগবাঢ়ি যাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।

তেওঁ লগতে জনায় যে, শৰণীয়া পাহাৰত এটা প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। য’ত থাকিব এটা গান্ধীজীৰ মিউজিয়াম, সৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা কক্ষ।

2 octoberassamBest news portal in Assamenews ne assamenews north eastenewsne assamevictiongandhi jayantihimantabiswasarmaNe news online
Comments (0)
Add Comment