প্রবীণ শিল্পী দ্বীপেন বৰুৱাৰ পত্নী ছৈয়দা জ্যোৎস্না ৰহমানৰ দেহাৱসান

দ্বীপেন বৰুৱাক অকলশৰীয়া কৰি স্মৃতিৰ দলিচা পেলাই মৃত্যুক সাৱটি ল’লে তেওঁৰ পত্নী, বিশিষ্ট কণ্ঠশিল্পী চৈয়দা জ্যোৎস্না ৰহমান।
কিছুদিন ধৰি অসুস্থ হৈ আছিল কণ্ঠশিল্পীগৰাকী আৰু বাথৰুমলৈ যাওঁতে আকস্মিকভাৱে মৃত্যুক সাৱটি লয় । মৃত্যুৰ সময়ত  জ্যোৎস্না ৰহমানৰ বয়স আছিল  ৬১ বছৰ।

দ্বীপেন বৰুৱা আৰু চৈয়দা জ্যোৎস্না ৰহমানৰ প্ৰেম কাহিনী কোনো চিনেমাৰ কাহিনীতকৈ কম নাছিল । তেওঁলোকৰ প্ৰথম সাক্ষাৎ হৈছিল ১৯৭৬ চনত ‘তৰামাই’ ছবিৰ শবুটিঙৰ সময়ত । তাৰ পিছতে আৰম্ভ হৈছিল তেওঁলোকৰ প্ৰেম কাহিনী। বহু ঘাত প্ৰতিঘাতৰ অন্ততো তেওঁলোকৰ প্ৰেমে বিবাহৰ ৰূপ পোৱা নাছিল। আৰু সুদীৰ্ঘ প্ৰায় ৩৩ টাকৈ বছৰ অপেক্ষা কৰিছিল তেওঁলোকৰ প্ৰেম সফল কৰাৰ বাবে । অৱশেষত ২০০৯ চনত দুয়ো বিবাহপাশত আবদ্ধ হৈছিল। তেতিয়া প্ৰেমিকাৰ বয়স হৈছিল ৫৯ বছৰ আৰু দ্বীপেন বৰুৱাৰ বয়স আছিল ৬৪ বছৰ। আৰু কমেও ১১ বছৰীয়া সাংসাৰিক জীৱনৰ অন্তত আজি পত্নীয়ে দ্বীপেন বৰুৱাক অকলশৰীয়া কৰি ইহলীলা সম্বৰণ কৰে ।

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment