ড্ৰাগছ লোৱাৰ অভিযোগত মুম্বাই আৰক্ষীৰ নাৰ্ক’টিক কন্ট্ৰোল ব্যুৰো চমুকৈ এন চি বিয়ে শনিবাৰে আটক কৰিছিল বলিউদৰ অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানক।শ্বাহৰুখ খানৰ পুত্ৰক আটক কৰাৰ পাছতে মত প্ৰকাশ কৰিছে আৰয়ান খানৰ অধিবক্তা শতীশ মানছিন্দে।অধিবক্তা শতীশ মানছিন্দে উল্লেখ কৰা মতে, আৰয়ান খানৰ জাহাজখনত হোৱা ড্ৰাগছৰ পাৰ্টিৰ সৈতে কোনোধৰণৰ সম্পৰ্ক নাই আৰু আৰয়ান খানৰ পৰা ড্ৰাগছো উদ্ধাৰ হোৱা নাই তেওঁক মাত্ৰ অতিথি হিচাপেহে অনুষ্ঠানটোলৈ নিমন্ত্ৰণ কৰা হৈছিল।
অধিবক্তা গৰাকীয়ে আৰয়ান খানে অতি শীঘ্ৰে জামিন লাভ কৰিব বুলিও লগতে কয়।উল্লেখযোগ্য যে, মুম্বাই আৰক্ষীৰ এন চি বিয়ে শনিবাৰে সন্ধিয়া মুম্বাইৰ পৰা গোৱা অভিমুখী এখন জাহাজত অভিযান চলাই শ্বাহৰুখ খানৰ পুত্ৰৰ লগতে অন্য ১৩ জন লোকক ড্ৰাগছ পাৰ্টিৰ অভিযোগত আটক কৰিছিল।