আৰক্ষীৰ জিম্মাত ভুৱা TET শিক্ষক

অসমত চলিছে ভুৱা নথি পত্ৰৰ জালিয়াতি চক্ৰ । অসম আৰক্ষীৰ CIDয়ে কৰা অভিযানত শেহতীয়াকৈ ভুৱা TET উত্তীৰ্ণৰ প্ৰমাণপত্ৰৰে চাকৰি লোৱা ২১জন প্ৰৱঞ্চক শিক্ষকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।
শিক্ষকতাৰ দৰে মহান বৃত্তিক কলুষিত কৰা এইসকল ভুৱা শিক্ষকৰ অধিকাংশই বিটিআৰ এলেকাৰ
বুলি জানিব পৰা গৈছে ।বিটিআৰত ৫২জনকৈ ভুৱা শিক্ষকে জলিয়াতিৰে চাকৰি লোৱাৰ অভিযোগ লাভ কৰাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমতে বিভাগীয় অনুসন্ধানৰ বাবে CIDয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। প্ৰাথমিক তদন্তত মুঠ ৩৬জন শিক্ষকৰ চতুৰালিৰ তথ্য CIDৰ হাতত পৰে ।

চাকৰি পোৱাসকলে ভুৱা প্ৰমাণপত্ৰৰ সৈতে আৱেদন কৰিছিল বিটিআৰৰ শিক্ষা সঞ্চালকালয়ত। চিআইডিয়ে পৰৱৰ্তী সময়ত অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ সৈতে যোগাযোগ কৰাৰ পিছত সকলো কথা জলজল পট পট হৈ ওলাই পৰে । ইয়াৰ পিছতে আনুষ্ঠানিক গোচৰ ৰুজু কৰি তদন্ত চলায় CIDয়েএইপৰ্যন্ত মুঠ ২১জন ভুৱা শিক্ষকক চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে তাৰ ভিতৰত তামুলপুৰ এলেকাৰ ১০জন, হাজো এলেকাৰ ৬জন, ছয়গাওঁ এলেকাৰ এজন, মাটিয়াৰ ২জন, চিৰাঙৰ এগৰাকী শিক্ষয়িত্ৰীৰ কথা প্ৰকাশ পাইছে যদিও CIDৰ আনুষ্ঠানিক বিবৃতি এতিয়াও বাকী আছে । ইতিমধ্যে অভিযুক্তসকলক জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ নিৰ্দেশমৰ্মে সোমবাৰে তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখা হৈছে ।

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment