লক্ষ্ণৌত দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ‘New Urban India’ অনুষ্ঠান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি (৫ অক্টোবৰ) লক্ষ্ণৌত দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ‘New Urban India’ শীৰ্ষক বিষয়বস্তুৰে কেন্দ্ৰীয়, গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ লগতে উত্তৰ প্ৰদেশৰ নগৰ উন্নয়ন বিভাগৰ যুটীয়া পৃষ্ঠপোষকতাত তিনিদিনীয়া অনুষ্ঠান আৰম্ভ কৰে ।উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষ্ণৌত দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে তিনিদিনীয়া নগৰ সন্মিলনত ৪৭৩৭ কোটি টকাৰ ৭৫ খন নগৰীয় আঁচনি উদ্বোধন কৰে তথা আধাৰশিলা স্থাপন কৰে আজি লক্ষ্ণৌত Azadi@75 – New Urban India : Transforming Urban Landscape conference – cum – expo উদ্বোধন কৰা হয় আৰু উত্তৰ প্ৰদেশৰ ৭৫ খন জিলাৰ ৭৫,০০০ হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অন্তৰ্গত ঘৰৰ চাবি ডিজিটেলভাৱে হস্তান্তৰ কৰি প্ৰধামন্ত্ৰী গৰাকী তেওঁলোকৰ সৈতে বাৰ্তালাপ মিলিত হয় মোদীয়ে লক্ষ্ণৌ, কানপুৰ, গোৰখপুৰ, ঝাঞ্চী, প্ৰয়াগৰাজ, গাজিয়াবাদ আৰু বাৰাণসী জিলাৰ বাবে ৭৫ খন স্মাৰ্ট বৈদ্যুতিক বাছৰ ব্যৱস্থা কৰি দিয়ে ।উক্ত অনুষ্ঠানটোত আগ্ৰা, আলিগড়, বৰেলী, ঝাঞ্চী লক্ষ্ণৌ, প্ৰয়াগৰাজ, চাহাৰনপুৰ, মোৰাদাবাদ আৰু অযোধ্যাৰ তত্বাৱধানত ৰাজ্যখনৰ বিভিন্ন চহৰত উত্তৰ প্ৰদেশ জল নিগমে মুঠ ৭৫ টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ।

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment