গুৱাহাটী উচ্চ ন্যায়ালয়ত চাকৰি লাভৰ এক সোণালী সুযোগ । সৰ্বমুঠ ২৩৭ টা পদ মুকলি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । যোগ্য প্ৰাৰ্থীৰ বাবে আবেদন আহ্বান কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ Centralized Recruitment বিভাগৰ Registrar ( Admin cum In – Charge)এ এক বিজ্ঞাপন প্ৰকাশ কৰিছে । এই বিজ্ঞাপন অনুসৰি LDA & Copyist ৰ ২৩৭ টা পদত অচিৰেই প্ৰাৰ্থী নিয়োগ কৰা হ’ব । LDA & Copyist ৰ ২৩৭ টা পদ পূৰণ হ’বলগীয়া জিলাসমূহ ক্ৰমে – বাক্সা, বঙাইগাঁও, কাছাৰ, চিৰাং, দৰং, ধেমাজি, ধুবৰী, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ মেট্ৰো, কামৰূপ আমিনগাওঁ, কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, নলবাৰী, মৰিগাঁও, নগাওঁ, ওদালগুৰি, শিৱসাগৰ, শোণিতপুৰ, তিনিচুকীয়া ।
মুঠ ২৩৭ ত পদৰ ভিতৰত SC ৰ বাবে থাকিব ১৫টা , অসংৰক্ষিত পদ ১৫১ টা, ST p ৰ বাবে ২১ টা, ST- H ৰ বাবে ৮ টা আৰু OBC/MOBC ৰ বাবে থাকিব ৪২ টা পদ । আবেদনকাৰী UGC ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা গ্ৰেজুৱেট হ’ব লাগিব লগতে কম্পিউটাৰৰ সবিশেষ জ্ঞান থাকিব লা আৰু অসমীয়া ভাষাৰ ওপৰত দখল থকা হ’ব লাগিব । আগ্ৰহী প্ৰাৰ্থিয়ে বিভাগীয় ৱেবচাইট www.ghconline.gov.in লগ ইন কৰি আবেদনৰ বাবে সবিশেষ চাব পাৰে । আবেদনৰ অন্তিম তাৰিখ ৩১ অক্টোবৰ, ২০২১ ।