দেশৰ ৰাজহুৱা খণ্ডৰ বৃহত্তম বিত্তীয় প্ৰতিষ্ঠান ষ্টেট বেংকত মুকলি হৈছে ২০৫৬টা পদ । SBIৰ Probationary Officer ৰ বাবে মুকলি হৈছে এই পদ। উপযুক্ত প্ৰাৰ্থীৰ বাবে আবেদন আহ্বান কৰি SBI ৰ Central Recruitment & Promotion Department এ এক নিয়োগ বিজ্ঞাপন ডি এ ভি পিৰ জৰিয়তে সংবাদ পত্ৰত প্ৰকাশ কৰে । আবেদনৰ অন্তিম তাৰিখ ২৫ অক্টোবৰ, ২০২১ ।
প্ৰকাশিত বিজ্ঞাপন অনুসৰি মুঠ খালী পদ ২০৫৬ৰ ভিতৰত GENERALৰ বাবে ৮১০টা, SCৰ বাবে ৩২৪ টা, ST ৰ বাবে ১৬২ টা, OBC ৰ বাবে ৫৬০ টা আৰু আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ২০০ টা পদ সংৰক্ষিত থাকিব আৰু তাৰ লগতে ১২৬টা বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে সংৰক্ষিত থাকিব ।আবেদনকাৰীসকল স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে বয়স ১ এপ্ৰিল ২০২১লৈ ২১-৩০বছৰ হ’ব লাগিব ।আগ্ৰহী আবেদনকাৰীয়ে অনলাইনযোগে আবেদন কৰিব পাৰে আৰু সবিশেষ তথ্যৰ বাবে
https://inpsonline.ibps.in/sbiposasep21/&https://www sbi.co.in/documents/77530/11154687/041021-Final+Advertisement+PO+21-22.pdf/61eb5452-c5e8-e057-e460-1e89486812d8?t=1633349820829 ৱেবচাইটত লগ ইন কৰিব পাৰে ।