গুৱাহাটীৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান প্ৰহেলিকাই সংগীত সূৰ্য সন্মানেৰে বিভূষিত কৰিলে ৰাজ্যৰ স্বনামধন্য শিল্পী সমৰ হাজৰিকাক ।এসময়ৰ বহু কালজয়ী গীতত কণ্ঠ নিগৰাই অসমীয়া – বঙালী শ্ৰোতাৰ মন জয় কৰা সমৰ হাজৰিকাই সংগীত জগতখনলৈ বৰ্ণাঢ্য অৱদান আগবঢ়াইছে ।
আজীৱন সংগীত সাধনা কৰা এইজন বিশিষ্ট শিল্পীলৈ যোৱা ১০ অক্টোবৰত শ্ৰীমম্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ ড° বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত “সংগীত সূৰ্য” সন্মান প্ৰদান কৰা হয়
great news, best news portal from north east