নিউজ ডেস্ক:-বিয়াত উচ্চ স্বৰত গান বজোৱা বাবে
হাৰ্ট এৰ্টেক হৈ ৬৩ কুকুৰাৰ মৃত্যু হৈছে । এই কাণ্ড সংঘটিত হৈছে ওড়িশাৰ বালাচোৰত ।
কুকুৰা পালকজনৰ ঘৰৰ সমীপতে আছিল এক বিবাহ অনুষ্ঠান। সেই অনুষ্ঠানৰ উপলক্ষে উচ্চস্বৰত বজোৱা হৈছিল গান। ডি জে ৰ জৰিয়তে গান বজাই স্ফূৰ্তি-তামাছা কৰিছিল বিয়াঘৰত। ইপিনে বালাশ্বৰৰ কাণ্ডাগাৰ্দী গাঁৱৰ ৰঞ্জিত পাৰিদা নামৰ লোকজনৰ কুকুৰা ফাৰ্মত সেই নিশাই মৃত্যু হয় ৬৩টা কুকুৰা।
উচ্চ স্বৰত ডি জে বজোৱা বাবে কুকুৰাৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰে কুকুৰাৰ পালক ৰঞ্জিত পাৰদাই। তাৰপিছত নীলগিৰি আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ কুকুৰা পালক জনে ।
আনহাতে এই অভিযোগ দাখিল কৰাৰ পাছত বিবুধিত পৰিছে আৰক্ষীও। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে সচাঁ-মিছা প্ৰমাণ কৰিবলৈ কাষ চাপিছে পশু চিকিৎসকৰ। আৰক্ষীয়ে পশু চিকিৎসকৰ পৰা এনে হ’ব পাৰে নেকি সেই সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছে।