ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত শালেকী সংৰক্ষিত বনাঞ্চলত ক’ল ইণ্ডিয়া লিমিটেডে অবৈধ ভাবে কয়লা খননৰ অভিযোগৰ তদন্ত কৰিবলৈ অসম চৰকাৰে ২০২০ চনৰ জুলাই মাহত গঠন কৰি দিয়া ন্যায়াধীশ বি পি কটকী আয়োগৰ প্ৰতিৱেদন চৰকাৰে সদ্য সমাপ্ত বিধানসভাৰ শীতকালীন অধিৱেশনত দাখিল কৰিছে ।
প্ৰতিৱেদন খনৰ সবিশেষ এতিয়াও জানিব পৰা হোৱা নাই যদিও মাইনিং লীজ অবিহনেই ক’ল ইণ্ডিয়া লিমিটেডে ৪,৮৭২ কোটি টকা মূল্যৰ কয়লা খনন কৰাৰ এটা গুৰুতৰ অভিযোগ আয়োগে নিজৰ প্ৰতিৱেদনত উল্লেখ কৰিছে। আয়োগে এই ধন ক’ল ইণ্ডিয়া লিমিটেডৰ এটা subsidiary সংস্থা উত্তৰ পূব কয়লা ক্ষেত্ৰৰ পৰা আদায় কৰা উচিত বুলিও মত প্ৰদান কৰিছে। ইয়াৰোপৰি আয়োগে সমগ্ৰ ঘটনাটোৰ পুংখানুপুংখ তদন্ত কৰিবলৈ কেন্দ্ৰীয় অনুসন্ধান সংস্থাক দায়িত্ব দিয়াৰ পোষকতা কৰিছে।
কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটো এই অবৈধ কাৰ্যৰ বাবে যেনেকৈ দোষী, তেনেদৰে সংৰক্ষিত বনাঞ্চল এখনত আজি অত বছৰৰ পৰা প্ৰতিষ্ঠানটোৱে কেনেদৰে অৰণ্য ধ্বংস কৰি অবৈধ খনন কাৰ্য চলাই যাবলৈ সক্ষম হ’ল তাৰ বাবে অসম চৰকাৰৰ বন বিভাগো সমানে দায়ী আৰু দোষী।
এতিয়া লাখ-কোটি টকীয়া প্ৰশ্নটো হ’ল, অসম চৰকাৰে কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে যথোচিত কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ সাহস গোটাব পাৰিবনে ? বা অধিক অনুসন্ধানৰ বাবে চিবিআই লৈ বিষয়টো হস্তান্তৰ কৰিবনে ?নে আন আন তদন্তৰ প্ৰতিৱেদনৰ দৰে এইখনো গাপ মাৰি থ’ব ?
চৰকাৰৰ পৰৱৰ্তী পদক্ষেপৰ প্ৰতি আমি কিন্তু চোকা দৃষ্টি ৰাখিম। আশাকৰোঁ চৰকাৰে তৎকালেই আইনগত দিশসমূহ পৰ্যালোচনা কৰি উচিত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে অগ্ৰসৰ হ’ব ।