লিবিয়াৰ মানৱাধিকাৰ ধ্বংসৰ ঘটনাত উদ্বিগ্ন ৰাষ্ট্ৰসংঘ

লিবিয়াত মানৱাধিকাৰ ধ্বংসৰ ঘটনাত উদ্বিগ্ন ৰাষ্ট্ৰসংঘ৷
চৰকাৰী হিচাপ মতেই লিবিয়াৰ ২৭ টা কাৰাগাৰত ১২ হাজাৰতকৈও অধিক বন্দীৱে তিলতিলকৈ জীৱন অতিবাহিত কৰিছে৷ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰিছে যে বিনা কাৰণত বহুতো লোকক লিবিয়া চৰকাৰে বন্দী কৰি কাৰাগাৰত জীৱ জন্তুৰ দৰে ৰাখিছে৷


শেহতীয়া এক প্ৰতিবেদনত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্ট’নিঅ’ গুটেৰেছে উল্লেখ কৰিছে যে ৰাষ্ট্ৰসংঘৰ ৰাজনৈতিক মিছনে লিবিয়া ভ্ৰমণকালত এই কথা পোহৰলৈ আহিছে যে দেশখনৰ কাৰাগাৰত আতিশয্য, যৌন উৎপীড়ন, আক্ৰমণ, দুব্যৱহাৰ আদি নানান অত্যাচাৰ চলোৱা হৈছে৷


দেশখনত আন্তৰাষ্ট্ৰীয় আইন উলংঘা কৰা হৈছে বুলিও ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত প্ৰকাশ পাইছে৷
ভগনীয়া, ৰাজনৈতিক আশ্ৰয় বিচৰা আৰু প্ৰব্ৰজনকাৰী লোকৰ মানৱাধিকাৰ চূড়ান্তভাৱে ভংগ কৰা বুলিও ৰাষ্ট্ৰসংঘই উদ্বেগ প্ৰকাশ কৰিছে৷

Best news portal in Assameye of north eastlibyaNe news online
Comments (0)
Add Comment