চিৰদিনৰ বাবে নিৰ্বাপিত হ’ব দিল্লী ইণ্ডিয়া গেটস্থিত অমৰ জোৱান জ্যোতিৰ অগ্নিশিখা

চিৰদিনৰ বাবে নিৰ্বাপিত হ’ব দিল্লী ইণ্ডিয়া গেটস্থিত অমৰ জোৱান জ্যোতিৰ অগ্নিশিখা।১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা যুদ্ধত শ্বহীদ বৰণ কৰা ভাৰতীয় সেনাৰ স্মৃতিত তদানীত্বন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নিৰ্মাণ কৰিছিল অমৰ জোৱান জ্যোতিৰ অগ্নিশিখা।
শুকুৰবাৰে বিয়লি ৩-৩০ বজাত নিৰ্বাপিত হ’ব ইণ্ডিয়া গেটস্থিত অমৰ জোৱানৰ জ্যোতিৰ অগ্নিশিখা।
এই অগ্নিশিখাক ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ শিখাৰ সৈতে একেলগ কৰা হ’ব। বিয়লি ৩-৩০ বজাত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ শিখাৰ সৈতে সংলগ্ন কৰা হ’ব অমৰ জোৱান জ্যোতিৰ অগ্নিশিখা।

এই ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক দেশৰ বীৰ শ্বহীদসকলৰ স্মৃতিত নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ইণ্ডিয়া গেটৰ চৌহদতে নেশ্যনেল ৱাৰ মেম’ৰিয়েলৰ উদ্বোধন কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৯ চনৰ ২৫ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক উদ্বোধন কৰিছিল। এই ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক নিৰ্মাণৰ বাবে ১৭৬ কোটি টকা ব্যয় কৰিছে।এই ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত সকলো শ্বহীদৰ নাম উল্লেখ কৰা হৈছে।

১৯৭২ চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধত শ্বহীদ হোৱা ভাৰতীয় সৈনিকসকলৰ স্মৃতিত অমৰ জোৱান জ্যোতিৰ শিখা জ্বলাই ৰখা হৈছিল। কিন্তু এতিয়াৰে পৰা এই শিখাক স্থানান্তৰিত কৰা হ’ব ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত।
News Desk

Amar Jawan Jyoti flameenewsneINDIAIndia Gateonline news assam
Comments (0)
Add Comment