তৃতীয় এদিনীয়াত সন্মান ৰক্ষাৰ যুঁজত ভাৰত
প্ৰথম দুখন মেচত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হোৱাৰ পাছত আজি তৃতীয় এদিনীয়া ত সন্মান ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হব ভাৰত। কেপটাউনত অনুষ্ঠিত হবলগীয়াশৃংখলাৰ তৃতীয় তথা অন্তিম মেচত জয়েৰে লোকেশ ৰাহুল নেতৃত্বাধীন আলহী দলটোৱে হূতগৌৰৱ উদ্ধাৰৰ লক্ষ্য লৈছে। প্ৰথম আৰু দ্বিতীয় এদিনীয়াত ৰণ কৌশল সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ পাছত তৃতীয় এদিনীয়াত নতুন ৰণ কৌশলেৰে অৱতীৰ্ণ হব ভাৰত।
প্ৰথম দুখন খেলত যথেষ্ট সংখ্যক ৰাণ ব্যয় কৰা দুই তাৰকা ৰবিচন্দ্ৰন আশ্বিন আৰু ভুৱনেশ্বৰ কুমাৰকবিশ্ৰাম দি তৃতীয় এদিনীয়াত দীপক চহৰ আৰু জয়ন্ত যাদৱক দলত সুযোগ দিয়াৰ সম্ভাৱনা আছে।প্ৰথম দুখন খেল ভাৰতৰ দলৰ পৰাজয়ৰ মূল কাৰণ আছিল বলিং বিভাগ। দুয়োখন খেলতে ভাৰতীয় দলটোৱে মাত্ৰ ৭টা উইকেট হে দখল কৰিবলৈ সক্ষম হয়।
আনহাতে দলটোৰ নেতৃত্বত থকা লোকেশ ৰাহুল আৰু কিং কোহলীৰ পৰা আজি এটা ডাঙৰ ইংনিছ আশা কৰিছে ভাৰতীয় দলৰ অনুৰাগীয়ে । আজিও উইকেট ৰক্ষক বেটছমেন ঋষভ পন্টৰ পৰা দলটোৱে পুনৰ এবাৰ আত্ৰমণাত্মক বেটিং আশা কৰিছে।শক্তিশালী ভাৰতৰ বিৰুদ্ধে ২-০ অগ্ৰগতিৰে শৃংখলা জয়ৰ পাছত ঘৰুৱা দল দক্ষিণ আফ্ৰিকাই হোৱাইট ৱাশ্বৰ লক্ষ্যৰে খেল পথাৰত নামিব।ভাৰতীয় সময় অনুসৰি খেলৰ সময় ২ বজাত।
News Desk E News Ne