১৯ অনুৰ্দ্ধৰ ক্ৰিকেট বিশ্বকাপত ভাৰতীয় দলৰ অভিলেখ
১৯ অনুৰ্দ্ধৰ ক্ৰিকেট বিশ্বকাপৰ ত্ৰিনিদাদত অনুষ্ঠিত হোৱা খেল খনত ভাৰতীয় দলটোৱে উগাণ্ডাৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰি ৪০৫ৰাণৰ বৃহৎ স্ক’ৰ কৰে।ভাৰতীয় দলে নিৰ্দ্ধাৰিত ৫০ অ’ভাৰত কৰা এই ৪০৫ৰাণ ১৯ অনুৰ্দ্ধ বিশ্বকাপত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ৰাণৰ অভিলেখ।
আনহাতে, ১৯ অনুৰ্দ্ধৰ ৫০ অভাৰৰ বিশ্বকাপৰ এটা ইনিংছত ভাৰতীয়সকলৰ মাজত সৰ্বোচ্চ ৰাণৰ অভিলেখ গঢ়ে ৰাজ বাওয়াই।খেলখনত ৰাজ বাওয়াই ১০৮টা বলত ১৬২ৰাণৰ বিস্ফোৰক ইনিংছ খেলে। আনহাতে পূৰ্বতে এই অভিলেখৰ গৰাকী আছিল শিখৰ ধাৱানৰ নামত। ধাৱানে ২০০৪চনত স্কটলেণ্ডৰ বিৰুদ্ধে অপৰাজিত ১৫৫ৰাণ কৰিছিল।
আনহাতে ১৯ অনুৰ্দ্ধৰ বিশ্বকাপৰ এটা ইনিংছত সৰ্বাধিক ছয় মৰাৰ অভিলেখো গঢ়িছে ৰাজ বাওয়াই। তেওঁ ইনিংছটোত মুঠ ৮টা ছয় কোবায়।
আনহাতে, বিশ্বকাপৰ এটা ইনিংছত ভাৰতীয়সকলৰ মাজত সৰ্বাধিক ছয় মৰাৰ অভিলেখ আছিল উন্মুক্ত চান্দৰ নামত। ২০১২চনত তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৬টা ছয় মাৰিছিল।
টছত জিকি শনিবাৰে উগাণ্ডাই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল।বেটিং কৰিব প্ৰথমে দুটা উইকেট হেৰুৱাই শলঠেকত পৰিছিল যদিও তৃতীয় উইকেটৰ বাবে অংগক্ৰিস ৰঘুবংশী আৰু ৰাজ বাওয়াই যুটীত ২০৬ৰাণ যোগ দিয়ে।
দলীয় ২৯১ৰাণত ৩৭.৫ অভাৰত অংগক্ৰিস ৰঘুবংশী আউট হয় যদিও ৰাজ বাওয়াৰ বিস্ফোৰণক বেংটিৰ সহায়ত ভাৰতে ৪০৫ৰাণৰ বৃহৎ স্ক’ৰ গঢ়ে। খেলখনত ভাৰতে উগাণ্ডাক ৩২৬ৰাণত পৰাস্ত কৰে।
News Desk E News Ne