বিশ্ব কাপ ফুটবলৰ টিকট বিক্ৰী আৰম্ভ

বিশ্ব কাপ ফুটবলৰ টিকট বিক্ৰী আৰম্ভ

কাটাৰত অহা ২১ নৱেম্বৰত আৰম্ভ হবলগীয়া ফিফা বিশ্ব কাপ ফুটবল প্ৰতিযোগিতাৰ বাবে টিকট বিক্ৰীৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু ইচ্ছুক দর্শকে এতিয়াৰে পৰা টিকট সংগ্ৰহ কৰিব পাৰে৷ ডোহা চহৰৰ ৩০ কিলোমিটাৰ ব্যাসার্দ্ধৰ এলেকাত অৱস্থিত ৮টা ষ্টেডিয়ামত এই প্ৰতিযোগিতাৰ খেলসমূহ অনু্ষ্ঠিত হ’ব, ফাইনেল খেলখনৰ দিন ধার্য্য হৈছে ১৮ ডিচেম্বৰ, ২০২২৷

টিকটৰ মূল্য:

বিদেশী দর্শকৰ বাবে টিকটৰ ন্যুনতম মূল্য প্ৰায় ৫,২৫০ টকা (৭০ ডলাৰ), কাটাৰৰ বাসিন্দাৰ বাবে প্ৰায় ৮২৫ টকা (১১ ডলাৰ)৷

ফাইনেল খেলৰ টিকটৰ মূল্য নির্ধাৰিত হৈছে প্ৰায় ৪৫,০০০ৰ পৰা ৭৫,০০০ টকা (৬০৪-১০০০ ডলাৰ৷) ৰাচিয়াত অনুষ্ঠিত যোৱা বছৰৰ ফিফা ফাইনেলৰ টিকটৰ মূল্যৰ তুলনাত আগন্তুক ফিফা ফাইনেলৰ টিকটৰ মূল্য ৪৬ শতাংশ হাৰে অধিক৷

প্ৰত্যেক শ্ৰেণীৰ টিকটৰ মূল্য এতিয়াও বিতংকৈ প্ৰকাশ কৰা হোৱা নাই৷ ফিফাই টিকট মুকলিকৈ বিক্ৰী নকৰিবলৈ সিদ্ধান্ত লৈছে, অহা ৮ ফেব্ৰুৱাৰীলৈকে চলিবলগীয়া টিকট বিক্ৰী প্ৰক্ৰিয়াত প্ৰথমে আবেদন সংগ্ৰহ কৰা হব আৰু তাৰ পিচত পর্য্যায়ক্ৰমে হব বাচনি৷ একোখন নির্দিষ্ট খেলৰ টিকটৰ বাবে আবেদন দাখিল কৰাৰ পিচত আবেদনকাৰীয়ে ভিন ভিন ষ্টেডিয়ামত নিজৰ পছন্দৰ দলৰ খেল সমগ্ৰ প্ৰতিযোগিতাৰ সময়ত অনুসৰণ কৰিব পাৰিব৷

ইচ্ছুক দর্শকে ফিফাৰ ৱেবচাইট খুলিলেই তেওঁ বিদেশী দর্শক নে স্বদেশী, সেই কথা জনাব পাৰিব আৰু তাৰ পিচতে দর্শকজনে পৰবর্তী পর্য্যায়ত প্ৰবেশ কৰিব৷

ডোহাৰ আঠটা ষ্টেডিয়ামত টিকট বিক্ৰী আৰু আপ্যায়নৰ সেৱাৰ জৰিয়তে ফিফাই ৫০০ নিযুত ডলাৰ অর্জনৰ লক্ষ্য নির্ধাৰণ কৰিছে৷

enews north eastfifafotballonline news assamworld cup fotball
Comments (0)
Add Comment