পঞ্চম দিনত ভৰি দিলে ৰাছিয়া- ইউক্ৰেইন যুদ্ধ৷দিনে নিশাই ৰাছিয়াৰ সেনাই ইউক্ৰেইনত অব্যাহত ৰাখিছে ভয়ংকৰ আক্ৰমণ । বাংকাৰত সোমাই জীৱন ৰক্ষাৰ যুঁজ দিছে সাধাৰণ জনতাই ৷চুবুৰীয়া দেশলৈ পলাই গৈছে চাৰি লাখতকৈও অধিক ইউক্ৰেইনৰ নাগৰিক৷দুই শতাধিক সেনা নিহত হোৱাৰ উপৰিও অৰ্ধ শতাধিক অসামৰিক লোক হৈছে নিহত ৷
হাজাৰতকৈও অধিক লোক আহত হোৱাৰ লগতে হাজাৰ হাজাৰ লোকৰ বাসগৃহও ধ্বংস হৈ পৰিছে৷খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি হোৱাৰ লগতে বেংকৰ এটিএমতো শেষ হৈছে ধন । নাজল নাথল অৱস্থাত ভুগিছে ইউক্ৰেইনবাসী ।ইউক্ৰেইনৰ ৰাজপথত ৰাছিয়ান সেনাই টহল দি কেইবাখনো নগৰ দখল কৰিছে লগতে বিমান বন্দৰত থকা বিশ্বৰ সবাতোকৈ ডাঙৰ বিমানখনো হৈ পৰিছে সম্পূৰ্ণৰূপে ধ্বংস ।