পাঁচটা উপাদানেৰে গঠিত হয় মানৱ শৰীৰ যেনে জুই, বায়ু, আকাশ, পানী আৰু মাটি । এনে পৰিস্থিতিত, যেতিয়া এজন ব্যক্তিৰ মৃত্যু হয়, অন্ত্যেষ্টিক্ৰিয়াৰ পিছত, এই পাঁচোটা উপাদান বায়ুমণ্ডলত মিলিত হয়। পৃথিৱীৰ প্ৰতিটো প্ৰাণীৰ মৃত্যু নিৰ্ধাৰিত ।মানুহ হওঁক বা জন্তু হওঁক, সকলোৱে এক নিৰ্দিষ্ট সময়সীমালৈকেহে জীয়াই থাকে। প্ৰকৃতিয়ে জীৱৰ জীৱনৰ এক পৰিক্ৰমা নিৰ্ধাৰণ কৰি থৈছে আৰু সেইমতেই চলে জীৱন চক্ৰ ।
যেতিয়াই প্ৰাণীৰ মৃত্যু হয় তাৰ পৰাই আৰম্ভ হয় নতুন জীৱন । এই সূত্ৰৰ মাজতেই বৈজ্ঞানিকে ফাদিল কৰিলে এনে ৰহস্য ,জানিলে হয়তো আপুনিও হ’ব আচৰিত । মৃত্যুৰ আগ মূহুৰ্তত ব্যক্তি এজনে কি চিন্তা কৰে অথবা তেওঁৰ কি মনোভাৱ হয় এই বিষয়ে সবিশেষ জনালে আমেৰিকাৰ University of Louisville ৰ নিউৰোচাৰ্জন ড° অজমল জেমাৰে ।৮৭ বছৰীয়া এজন মিৰ্গী বেমাৰিৰ ব্ৰেইন মেপিং কৰোঁতে এই তথ্য পোহৰলৈ আহিছে যে জীৱনৰ অন্তিম ১৫ মিনিটত ব্যক্তি এজনে জীয়াই থকা সময়ত ঘটি যোৱা ভাল স্মৃতিবোৰ ৰোমন্থন কৰে আৰু মৃত্যুক আঁকোৱালি লবলৈ নিজকে সাজু কৰি তোলে ।মৃত্যু সহজ কৰিবৰ বাবে ব্যক্তিজনে যৎপৰোনাস্তি চেষ্টা কৰে আৰু বিভিন্ন ধৰণৰ সপোন দেখিবলৈ আৰম্ভ কৰে ।