ভাৰতীয় সকলৰ বাবে এক দুখজনক খবৰ । ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণত নিহত হৈছে প্ৰথমজন ভাৰতীয় নাগৰিক।ভাৰতীয় ছাত্ৰজনৰ নাম নবীন কুমাৰ শেখাৰপ্পাৰ আৰু তেওঁৰ বাসস্থান আছিল কৰ্ণাটকত । চিকিৎসা বিভাগত অধ্যয়নৰত আছিল শিক্ষাৰ্থীগৰাকী ।এক টুইটযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে ইউক্ৰেইনৰ খাৰকিয়েভত সংঘটিত এক ভয়ংকৰ আক্ৰমণত ভাৰতীয় ছাত্ৰগৰাকীৰ মৃত্যুৰ কথা সদৰি কৰিছে।
খাৰকিভত হোৱা বোমা বিস্ফোৰণত ভাৰতীয় ছাত্ৰ গৰাকীয়ে মৃত্যুক আঁকোৱালি লয়। বৈদেশিক মন্ত্ৰালয়ে ভাৰতীয় ছাত্ৰজনৰ পৰিয়ালৰ সৈতে ইতিমধ্যে যোগাযোগ কৰিছে।এই দুৰ্ঘটনাৰ পিছতে মুখপাত্ৰগৰাকীয়ে সদৰি কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰাছিয়া আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতসকলৰ সৈতে নিৰন্তৰ যোগাযোগ অব্যাহত ৰাখিছে আৰু ভাৰতীয় নাগৰিকসকলক সুৰক্ষিতভাৱে ঘৰলৈ ঘূৰাই অনাৰ বাবে এক সুৰক্ষিত পথ প্ৰদান কৰাৰ ব্যৱস্থা হাতত লৈছে।উল্লেখযোগ্য যে বহুতো শিক্ষাৰ্থী এতিয়াও খাৰকিভকে ধৰি আন চহৰতো আৱদ্ধ হৈ আছে আৰু প্ৰত্যেক গৰাকী শিক্ষাৰ্থীক সুৰক্ষিত অৱস্থাত ৰাছিয়া আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতসকলে ভাৰতলৈ উভতাই অনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।