নিজ দেশ এৰি কিয় ভাৰতীয় শিক্ষাৰ্থী যায় ইউক্ৰেইনলৈ ?

বৰ্তমান সময়ত খুবেই চৰ্চিত বিষয় ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ । দিনক দিনে ভয়াবহ হৈছে যুদ্ধৰ পৰিস্থিতি। এই পৰিস্থিতিৰ মাজতেই ইউক্ৰেইনত আৱদ্ধ হৈ আছে হাজাৰ হাজাৰ ভাৰতীয় শিক্ষাৰ্থী । বিশেষকৈ মেডিকেল পঢ়িবলৈ যোৱা শিক্ষাৰ্থীসকল। ভাৰতৰ যি সকল শিক্ষাৰ্থী ইউক্ৰেইনত অধ্যয়নৰত হৈ আছে তেওঁলোকক ভাৰত চৰকাৰে উভতাই অনাৰ যো-জা চলাইছে তাৰ মাজতেই তেওঁলোকৰ বাবে বহুতেই কৰিছে প্ৰশ্ন উত্থাপন । কিয় ইউক্ৰেইনমুখী হৈছে ভাৰতীয় শিক্ষাৰ্থীসকল ?

Translate concept on keyboard, 3D rendering

চীন আৰু ফিলিপাইন্সৰ পিছত ইউক্ৰেইনত অতি সুলভ চিকিৎসা শিক্ষা। সেইবাবে ভাৰতৰ বহু শিক্ষাৰ্থীয়ে চিকিৎসা বিজ্ঞানৰ বাবে অভিমুখী হয় ইউক্ৰেইনলৈ । ইউক্ৰেইনত দিয়া হয় ভাৰতীয় ব্যক্তিগত প্ৰতিষ্ঠানতসমূহতকৈও ৰেহাই মূল্যত শিক্ষা । ইয়াৰোপৰিও গুণগত শিক্ষা প্ৰদানতো অগ্ৰণী ইউক্ৰেইন ।ইউক্ৰেইনত শিক্ষাৰ্থীসকলে দিব লগা নহয় নতুনকৈ প্ৰৱেশিকা পৰীক্ষা ইউক্ৰেইনত শিক্ষা লাভ কৰাটো ভাৰতীয় শিক্ষাৰ্থীৰ বাবে আশীৰ্বাদস্বৰূপ ।

enewsneindianstudentrussia
Comments (0)
Add Comment