সপ্তম দিনত উপনীত হ’ল ৰাছিয়া – ইউক্ৰেইনৰ যুদ্ধ । এক নীৰৱ প্ৰত্যক্ষদৰ্শী হিচাপে থিয় হৈ ৰৈছে বিশ্বাবাসী ।ইউক্ৰেইনত ভেকুৱাম বোমা পেলাই আক্ৰমণ চলাইছে ৰাছিয়াৰ সেনাই । ইউক্ৰেইনক তিনিটা দিশৰ পৰা ঘেৰাও কৰিছে ৰাছিয়াই৷ ৰাজহুৱা ভৱন আৰু অসামৰিক লোকৰ ওপৰতো আক্ৰমণ ৰাছিয়াৰ৷এই মাৰাত্মক সংঘাতত সহস্ৰাধিক লোক নিহত আৰু কেইবাহাজাৰো লোক আহত হৈছে ।
শান্তি আলোচনা আৰু বিশ্ব সমুদায়ৰ আহ্বানৰ পিছতো থমকি ৰোৱা নাই ৰাছিয়া৷ৰাষ্ট্ৰসংঘ বা আন কোনো দেশৰ আহ্বানক গুৰুত্ব দিয়া নাই ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে৷এয়াৰফিল্ড, চৰকাৰী ভৱন, টিভি টাৱাৰ, তেল ডিপো, আবাসিক এলেকা আদি সকলোতে কৰিছে ৰাছিয়ান সেনাই আক্ৰমণ৷ইতিমধ্যে ৰাজধানী কিয়েভ অভিমুখে ৰাছিয়াৰ সেনাবাহিনীয়ে কৰিছে ৬৪ কিঃমিঃ দৈৰ্ঘ্যৰ ভয়ংকৰ অগ্ৰগতি৷৬ লাখতকৈও অধিক লোক ইউক্ৰেইন এৰি চুবুৰীয়া দেশত আশ্ৰয় গ্ৰহণ কৰিছে৷ইউৰোপীয়ান ৰাষ্ট্ৰই গাইগুটীয়াকৈ নামমাত্ৰ সহায়ৰ হাত আগবঢ়াইছে ইউক্ৰেইনক৷ইউক্ৰেইনক বিশ্ববেংকৰ তৰফৰ পৰা মুকলি কৰি দিয়া হৈছে বৃহৎ পৰিমাণৰ পুঁজি ৷