কোন ঠাইত অবৈধ ভিক্ষা বৃত্তি?

ভিক্ষা বৃত্তিত এতিয়াৰ পৰা প্ৰয়োজন হ’ব প্ৰশাসনৰ অনুজ্ঞাপত্ৰ । অনুজ্ঞাপত্ৰ অবিহনে ভিক্ষা কৰিলে অবৈধ বুলি বিচাৰ কৰা হ’ব ।চুইডেনৰ কেইবাখনো চহৰত ভিক্ষা বৃত্তি অবৈধ।২০১৮ চনত উচ্চতম ন্যায়ালয়ে স্কনে চহৰত ভিক্ষা কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।এস্কিলষ্টুনা নামৰ ষ্টকহোমৰ পশ্চিমৰ এখন চহৰতো অনুজ্ঞাপত্ৰৰ বিনিময়তহে ভিক্ষাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে ।

চলিত বৰ্ষৰ পৰা এস্কিলষ্টুনা চহৰৰ ভিক্ষাৰীসকলেও পৌৰ কৰ্তৃপক্ষৰ পৰা অনুমতি ক্ৰয় কৰিহে ভিক্ষা কৰিব পাৰিব ।এই ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ পিছতে এতিয়া একাংশই অভিযোগ উত্থাপন কৰিছে যে ইয়াৰ জৰিয়তে ভিক্ষা কৰাত উৎসাহিত কৰা হৈছে ।কিয়নো ইয়াৰ জৰিয়তে ভিক্ষাৰীসকলে ভিক্ষা কৰাৰ আইনী অধিকাৰো লাভ কৰিব৷এস্কিলষ্টুনা চহৰখনে ২০১৯ ৰ আগষ্টৰ পৰা ভিক্ষাৰীসকলৰ বাবে অনুজ্ঞাপত্ৰ জাৰি কৰা আৰম্ভ কৰিছিল।তিনি মাহৰ বাবে ভিক্ষা কৰিবলৈ ২৫০ চুইডিছ ক্ৰোনাৰ সৈতে অনুজ্ঞাপত্ৰ প্ৰাপ্ত কৰিব লাগিব।ভাৰতীয় হিচাপত ইয়াৰ মূল্য দুহাজাৰ টকা৷যদি এজন ভিক্ষাৰী অনুজ্ঞাপত্ৰ অবিহনে ধৰা পৰে, তেন্তে তেওঁ 4,000 চুইডিছ ক্ৰোনা জৰিমনা ভৰিব লাগিব। পৌৰ নিগম কৰ্তৃপক্ষই উল্লেখ কৰিছে যে এই নিয়ম প্ৰৱৰ্তনৰ পিছত, বহুতো ভিক্ষাৰীয়ে বৃত্তি সলনি কৰি ফল বিক্ৰী কৰাৰ দৰে কাৰ্যকলাপৰ সৈতে জঢ়িত হৈছে । গতিকে ভিক্ষাৰীৰ সংখ্যা কিছু পৰিমাণে হলেও হ্ৰাস হ’ব ।

beggersbest news portal in assam top news channel assam best web portal in assam online news assam latest news assamenews north eastenewsne
Comments (0)
Add Comment