বৌদ্ধ ধৰ্মগুৰু দালাই লামাৰ সমৰ্থনত গণভোট সংগ্ৰহ অভিযান ৷ শান্তিৰ নোবেল বঁটা বিজয়ী দালাই লামাক দিব লাগে ভাৰত ৰত্ন ৷ তিব্বতৰ বৌদ্ধ ধৰ্মগুৰু ৮৭ বছৰীয়া চতুৰ্দশ দালাই লামাৰ প্ৰকৃত নাম Tenzin Gyatso. পুনেৰ পৰা আৰম্ভ হৈছে দালাই লামাক ভাৰত ৰত্ন দিয়াৰ সপক্ষে ছাত্ৰ সমাজৰ ভোট অভিযান ৷ ৩ মাৰ্চত আৰম্ভ হোৱা এই ভোট অভিযান ৩ জুলাই পৰ্যন্ত অব্যাহত থাকিব ৷ ১৯৫৯ চনৰে পৰা ভাৰতত বসবাস কৰা দালাই লামাই ভাৰতীয় সভ্যতা সংস্কৃতি প্ৰসাৰত অৰিহণা যোগাইছে ৷ এই অভিযানৰ বাবে উদ্যোক্তাসকলে এটা ৱেবছাইট আৰু ফোন নম্বৰ মুকলি কৰিছে ৷ www.bharatratnafordalailama.in আৰু ফোন নম্বৰ 917065506767.