যোৱা ২০২১ চনত অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ দ্বাৰা ৬৯২৯ গৰাকী ৰোগী উপকৃত হৈছিল বুলি সোমবাৰে অসম বিধান সভাৰ মজিয়াত তথ্য সদৰি কৰে ৰাজ্য চৰকাৰৰ সচিবালয় বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই । সোমবাৰে সদনত কংগ্ৰেছৰ জেষ্ঠ বিধায়ক বসন্ত দাসে অসমৰ বৰ্দ্ধিত কেঞ্চাৰ ৰোগীসকলৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ আৰু বাজেট ধাৰ্য পুঁজি সন্দৰ্ভত উত্থাপন কৰা লিখিত প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কয় যে,স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে অসম তথা চুবুৰীয়া ৰাজ্যসমূহৰ নাগৰিকৰ সুবিধাৰ্থে ৰাজ্যখনৰ ভিতৰতে বহুকেইখন চিকিৎস্যা মহাবিদ্যালয় স্থাপন কৰিছে। ইয়াত বহুতো সুবিধা সন্নিৱিষ্ট কৰা হৈছে, যাতে কৰ্কট ৰোগীসকলে ইয়াৰ জৰিয়তে উপকৃত হ’ব পাৰে। তদুপৰি কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে গুৱাহাটীত এখন ৰাজ্যিক কৰ্কট প্রতিষ্ঠান স্থাপন কৰা হৈছে। তদুপৰি অসম চৰকাৰে ডিষ্ট্রিবিউটেড কেন্সাৰ কেয়াৰ ম’ডেল (ডি চি চি এম) কার্যকৰীকৰণৰ বাবে যথাযথ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে । যাৰ অধীনত অসমৰ কৰ্কট চিকিৎসালয়ৰ শৃংখল স্থাপন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। এই চিকিৎসালয়ৰ শৃংখল প্ৰক্ৰিয়াটো তিনিটা পর্যায়- এল-১, এল-২ আৰু এল-৩ ৰে সামৰি লোৱা হৈছে বুলি সদৰি কৰি লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত অৱগত কৰে যে, প্ৰকল্পটো অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ জৰিয়তে ৰূপায়ণ কৰি থকা হৈছে। এল-৩ চিকিৎসালয়ত ৰেডিয়েচন, কেম’থেৰাপি, ৰোগ নিৰ্ণয় আৰু উপসমকাৰী ব্যৱস্থা থাকিব। আনহাতে, এল-২ চিকিৎসালয়ত এল-৩ৰ সুবিধাবোৰ থকাৰ উপৰি অস্ত্রোপচাৰ আৰু ব্লাড বেংক থাকিব। এল-১ চিকিৎসালয় হ’ব এপেক্স ৰেফাৰেল কেন্দ্ৰ, য’ত এল-২ৰ সুবিধাবোৰৰ উপৰি হাড়ৰ মজ্জা সংৰোপণ কৰা হ’ব। এই চিকিৎসালয়সমূহত অত্যাধুনিক লিনিয়াৰ এচ্চিলেৰেটৰ মেচিন, ব্রেকীথেৰাপি, চিটি চিমুলেটৰ এম আৰ আই, এক্স-ৰে আৰু ডাইগ্নোষ্টিক লেবৰেটৰী থাকিব বুলি উল্লেখ কৰে । তেওঁ লগতে সদৰি কৰে যে, প্রথম পর্যায়ত এছ চি আই গুৱাহাটীত এল-১, ডিব্ৰুগড়, বৰপেটা, শিলচৰ আৰু ডিফুত ৪ খন এল ২ আৰু তেজপুৰ, লখিমপুৰ, যোৰহাট, কোকৰাঝাৰ আৰু মঙলদৈত এল-৩ৰ সৈতে ১০ খন চিকিৎসালয় স্থাপন কৰি থকা হৈছে। এই চিকিৎসালয়সমূহ নিৰ্মাণৰ বিভিন্ন পৰ্যায়ত আছে আৰু আশা কৰা হৈছে যে ২০২২ চনৰ এপ্ৰিলৰ শেষৰফালে ডিব্ৰুগড়, বৰপেটা, লখিমপুৰ, কোকৰাঝাৰ, যোৰহাট, তেজপুৰ আৰু মঙলদৈ সহিতে ৭ খন চিকিৎসালয় আৰম্ভ কৰা হ’ব। আনহাতে, ২০২২ চনৰ শেষৰফালে এছ চি আই গুৱাহাটী আৰু শিলচৰ, ২০২৩ চনৰ মাজভাগত ডিফুত আৰম্ভ কৰা হ’ব। একেদৰে কর্কট, ষ্টোক, মধুমেহ আৰু উচ্চ ৰক্তচাপৰ দৰে অসংক্রামক ৰোগৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ অৰ্থে আগন্তুক এন এইচ এম পি আই পি ২০২২-২৩ বিত্তীয় বৰ্ষত কৰ্কট, মধুমেহ, হৃদৰোগ আৰু ষ্ট্রোক প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ অধীনত ভাৰত চৰকাৰৰ পৰা বাজেট বিচৰা হৈছে যাতে এনে অসংক্রামক ৰোগসমূহ সৃষ্টিত আগতীয়াকৈ বাধা প্ৰদানৰ লগতে প্ৰতিৰোধ কৰিব পৰা যায় বুলিও সদনত তথ্য সদৰি কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ।
তেওঁ উল্লেখ কৰে যে, ২০২২-২৩ বিত্তীয় বৰ্ষৰ পি আই পিৰ বাবে ক্ৰমে- ঔষধ আৰু ব্যৱহাৰযোগ্য সামগ্ৰীৰ বাবে যোগান, ৰোগীৰ ৰেফাৰেল পৰিবহণ, আই ই চি কার্যকলাপ আৰু ট্রেইনিং হেড কার্যসূচী ব্যৱস্থাপনা ব্যয় শিতানৰ অধীনত ১১৮৩.২১ লাখ টকাৰ প্ৰস্তাৱ দিয়া হৈছে । ইফালে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমে এ এম এছ চি আই, অসম আৰু ডি এম ই, অসমৰ সৈতে যৌথভাৱে যোৱা এবছৰত অসম চৰকাৰৰ অধিসূচিত অত্যাৱশ্যকীয় ঔষধ তালিকা (ই ডি এল) অনুসৰি অত্যাৱশ্যকীয় কৰ্কট ৰোগৰ ঔষধ ক্ৰয় কৰিছে। চিকিৎসা মহাবিদ্যালয় আৰু ৰাজ্যিক কৰ্কট প্রতিষ্ঠান, অসমৰ প্ৰয়োজনীয়তা পূৰ্ণৰ উদ্দেশ্যে বিগত এবছৰত চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা দাখিল কৰা প্ৰয়োজনীয়তা অনুসৰি ১০১ বিধ কৰ্কট ৰোগ প্ৰতিৰোধী ঔষধ ক্ৰয়ৰ উদ্দেশ্যে ৪৮.৫১ কোটি টকা ব্যৱহাৰ কৰা হৈছে বুলিও সদৰি কৰে । চৰকাৰী বিভিন্ন আঁচনিৰ দ্বাৰা কৰ্কট ৰোগী উপকৃত হোৱা সন্দৰ্ভত তথ্য সদৰি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, আজিলৈকে ৰাজ্যিক কৰ্কট প্রতিষ্ঠান, জি এম চিত এ এ এ (অটল অমৃত অভিযান), পি এম জে এ ৱাই (প্রধানমন্ত্রী জন আৰোগ্য যোজনা), এন পি চি ডি চি এছ (কৰ্কট ৰোগ, ডায়েবেটিচ, কার্ডিওভাস্কুলাৰ ৰোগ, স্ট্রোক প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যসূচী)ৰ দৰে বিভিন্ন চৰকাৰী আঁচনিৰ দ্বাৰা ২৬৫০০ গৰাকীৰো অধিক কৰ্কট ৰোগী উপকৃত হৈছে। যোৱা বছৰ (২০২১) এই আঁচনিবোৰৰ দ্বাৰা ৬৯২৯ গৰাকী ৰোগী উপকৃত হৈছিল। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা, চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ পৰা, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ কল্যাণ বিভাগৰ সঞ্চালকালয়ৰ দ্বাৰা কৰ্কট আদি জটিল ৰোগত আক্রান্ত ৰোগীসকলৰ চিকিৎসাৰ সাহায্যার্থে বিত্তীয় সহায় প্ৰদান কৰা হয় ॥