পুনৰ ভয়ানকভাৱে সংক্ৰমিত হৈছে ক’ভিড, দেশে দেশে পুনৰ বিয়পি পৰিছে ক’ভিড

পোনপ্ৰথমে চীনত ধৰা পৰা এই নৰ-সংহাৰী ভাইৰাছে পুনৰ কঁপাই তুলিছে কমিউনিষ্ট দেশখন।

ছাংহাইত ক’ভিড সংক্ৰমণ পুনৰ বৃদ্ধি পাইছে। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে, ক’ভিড ভুক্তভোগীসকলৰ থাকিবলৈ পৰ্যাপ্ত স্থানৰ অভাৱ হৈছে। এনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰশাসনে চহৰখনৰ বাসিন্দাসকলৰ বাবে ঘৰ বিচাৰিছিল।প্ৰশাসনে কৈছে যে, আৱাসীসকলে ক’ভিড ৰোগীৰ আশ্ৰয়ৰ বাবে তেওঁলোকৰ ঘৰ এৰিব লাগিব। নিৰ্দেশনা পোৱাৰ পাছৰে পৰা ছাংহাইৰ বাসিন্দাসকল ক্ষুব্ধ হৈ আছে।আৰক্ষীৰ বিৰুদ্ধে তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰিছে। এটা সময়ত, তেওঁলোকে আৰক্ষীৰ বেৰিকেডবোৰ ভাঙি পেলাইছিল। তাৰ পাছত দুয়োপক্ষৰ মাজত সংঘৰ্ষ আৰম্ভ হয়।ছাংহাইত সংক্ৰমণ বাঢ়ি অহাৰ বাবে চহৰবাসীসকল দীৰ্ঘদিন ধৰি গৃহবন্দী হৈ আছিল। তেনে সময়তে গোটেই চহৰখনৰ গৃহসমূহ ক’ভিড ৰোগীৰ বাবে এৰি দিবলৈ জনোৱা প্ৰশাসনৰ আহ্বানত চহৰখনৰ মানুহৰ মাজত তীব্ৰ ক্ষোভে দেখা দিছিল।গৃহবন্দী অৱস্থাত চৰকাৰৰ অসহযোগ আৰু পৰ্যাপ্ত খাদ্যৰ অভাৱৰ ফলত নাগৰিকসকলৰ মাজত ক্ষোভটো অধিক বৃদ্ধি পাইছিল। তাৰ পাছত এইবাৰ ক’ভিড ৰোগীসকলৰ বাবে ঘৰ এৰি যোৱাৰ সিদ্ধান্তত খঙৰ বিস্ফোৰণ ঘটিছিল।উহানত দুবছৰৰ ক’ভিড সংক্ৰমণৰ পাছত ছাংহাই কৰ’নাৰ কেন্দ্ৰ হৈ পৰিছে। ছাংহাইয়ে ২৫ নিযুত বাসিন্দাৰ এই চহৰখনত সংক্ৰমণ নিয়ন্ত্ৰণলৈ অনাৰ বাবে কেইবাটাও কঠোৰ পদক্ষেপৰ সৈতে যুঁজি আছে৷

Comments (0)
Add Comment