® বাবুল শইকীয়া
বিগত এটা দশক ধৰি শত-সহস্ৰ বিৰোধিতাৰ পাছতো সকলো বাধা-বিঘিনি অতিক্ৰম কৰি ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগমে অহা আগষ্ট মাহত প্ৰথমটো গোটৰ(৫০০ মেগাৱাট) পৰা উৎপাদন আৰম্ভ কৰিব।
সদৌ অসম ছাত্ৰ সন্হা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, মিছিং ছাত্ৰ সন্হা, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি অৰ্ধ শতাধিক সংগঠন আৰু একাংশ ৰাজনৈতিক দলে এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতা কৰি আহিছিল যদিও একো ফল নধৰিল৷ বিষয়টো ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণত অৱগত কৰা হৈছিল৷ চাৰি পাঁচবাৰকৈ তদন্ত কৰা, কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰা, অসমত হ’ব পৰা ক্ষয় ক্ষতিৰ বুজ লোৱা আদি অনেক নাটকৰ পিছত জলবিদ্যুৎ প্ৰকল্প কাৰ্যকৰী হ’ল৷ ২০১৪ চনৰ আগলৈকে এই প্ৰকল্পৰ বিৰোধিতা কৰা বিজেপি দলে চৰকাৰ গঠন কৰাৰ পিছতেই ওলোটা খৰ মাৰিলে৷ মনে মনে বহি থাকিল সকলো জাতীয় প্ৰেমত উথপথপ খোৱা সংগঠনবোৰ৷
কথাবোৰ নিশ্চয় সকলোৰে অৱগত আৰু বোধগম্য হৈছে। আটাইতকৈ ক্ষতি হ’ব লক্ষীমপুৰ, মাজুলী আৰু ধেমাজী জিলাৰ লক্ষাধিক লোক৷
ক’ৰবাত আইনী কাৰ্যকলাপ কৰোঁতে প্ৰয়োজন হ’ব পাৰে বুলি আপোনালোকৰ জ্ঞাতাৰ্থে জনাব খুজিছোঁ যে, এই প্ৰকল্পটোৰ বাবে মুঠ বনাঞ্চলৰ ভূমি অধিগ্ৰহণ (বা এককথাত ধ্বংস) কৰা হৈছিল ৩৯৯৯.৩০ হেক্টৰ। ভাৰত চৰকাৰৰ বন সংৰক্ষণ আইন অনুসৰি NHPC এ Compensatory Afforestation ৰ বাবে ধন প্ৰকল্প স্থাপন হোৱা ৰাজ্য চৰকাৰক জমা দিব লাগে আৰু বনানিকৰণৰ কাম সেই ৰাজ্য চৰকাৰখনে কৰিব লাগে।
বিতৰ্কিত এই প্ৰকল্পটোৱে নিৰ্ধাৰিত চৰ্তৰ বিনিময়ত বন আইনৰ অধীনত অনুমোদন লাভ কৰিছিল ২০০৪ চনৰ ১২ অক্টোবৰ তাৰিখে। কিন্তু এই বনানিকৰণৰ বাবে NHPC এ মুঠ ৮.৫১ কোটি টকাৰ প্ৰথম কিস্তি ৪.২৬ কোটি টকা জমা দিছিল সৌ সিদিনা ২০২১ চনৰ ৩০ জুলাই তাৰিখে। প্ৰায় ১৭ বছৰৰ পাছত!
তাৰ পাছতো জলবিদ্যুৎ উৎপাদনৰ বাবে উৰুলীকৃত হৈ থকা অৰুণাচল চৰকাৰে আজি পৰ্যন্ত এই বনানিকৰণ কৰাৰ বাবে কোনো পদক্ষেপেই গ্ৰহণ কৰা নাই। কেন্দ্ৰীয় বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ২০২১ চনৰ ১৬ ডিচেম্বৰত এখন পত্ৰ যোগে অৰুণাচল চৰকাৰক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল কিন্তু চৰকাৰ নিৰ্বিকাৰ। ইয়াতে ক্ষুন্ন হৈ মন্ত্ৰালয়ে পুনৰ ২০২২ চনৰ ১২ এপ্ৰিলত অৰুণাচল প্ৰদেশৰ চৰকাৰলৈ কঠোৰ ভাষাৰে পত্ৰ প্ৰেৰণ কৰিছে। নিৰুদ্বেগ আৰু জলবিদ্যুৎ উৎপাদনৰ যোগেৰে অৰ্থনৈতিক উন্নয়নত বিভোৰ হৈ থকা অৰুণাচল চৰকাৰক আইনী ব্যৱস্থাৰ মাধ্যমেৰে এই বিষয়টোত শিক্ষা দিব পাৰি নেকি চিন্তা কৰক, কিয়নো প্ৰকল্পটোৰ পৰা কাষৰীয়া ৰাজ্য হিচাপে অসমো যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হ’ব। বিশেষকৈ ধেমাজী, লক্ষীমপুৰ আৰু মাজুলীৰ জনসাধাৰণ এই ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব লাগিব৷ এই আশংকা দূৰ কৰিবলৈ অসম চৰকাৰেও কোনো সঠিক পদক্ষেপ গ্ৰহণ কৰা নাই৷
( বিঃদ্ৰঃ- অসমৰ পৰা বছৰি প্ৰায় ৩০০ বিলিয়ন ডলাৰ মূল্যৰ সম্পদ কেন্দ্ৰই উলিয়াই লৈ যায়। তাৰ বিনিময়ত অসমক দিয়ে কি? অসম চৰকাৰৰ বাৰ্ষিক বাজেট কিমান! এই ৩০০ বিলিয়ন ডলাৰ অসমে নিজৰ ধৰণে ব্যৱহাৰ কৰিব পাৰিলে হাহাকাৰ কৰিব লাগিলেহেঁতেন নে শিক্ষিত নিবনুৱাই? বছৰি উৎসৱৰ দৰে অহা বানপানী আৰু গৰাখহনীয়াত ককবকাই থাকিব লাগিলেহেঁতেন নে লাখ লাখ অসমীয়াই? সীমান্তত বেৰ নিৰ্মান নিজেই কৰিব নোৱাৰিলেহেঁতেন নে? জলসিঞ্চনৰ অভাৱত হা কৈ আকাশলৈ মুখ মেলি থাকিব লাগিলেহেঁতেন নে খেতিপথাৰে? বিক্ৰী কৰিব লাগিলেহেঁতেন নে লোকচান ভৰি থকা কল কাৰখানাবোৰ? দিলোহেঁতেন নে যোগীঘোপাৰ অশোক কাগজ কলৰ মাটি আদানীক?
সংবিধানত থকা মূলতঃ ৯ টা অনুচ্ছেদক সঁচা অৰ্থত শাসক যন্ত্ৰই সন্মান জনাই আহিছে নে? অনৈক্যৰ মাজত ঐক্য আৰু বৈচিত্ৰ্যৰ ধাৰণাটোত কিয় আঘাট হনা হৈছে?)