প্ৰতিটো সংকল্পক সিদ্ধিৰ পথলৈ লৈ যোৱাৰ বাবে ৰাজ্য চৰকাৰে নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে: মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত ৰাজ্য চৰকাৰৰ ১১ টা বিভাগৰ ২২,৯৫৮ টা পদৰ নিযুক্তি প্রদান কার্যসূচীত অংশগ্ৰহণ কৰে। ৰাজ্যৰ ইতিহাসত সর্ববৃহৎ এই নিযুক্তি প্রদান অনুষ্ঠানটিত মুখ্যমন্ত্রী ড° শৰ্মাই ১৭ গৰাকী যুৱক-যুৱতীৰ হাতত নিযুক্তি পত্ৰ প্ৰদান কৰি সমগ্ৰ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। উল্লেখ্য যে, নিযুক্তি প্ৰদান কৰা পদসমূহৰ ভিতৰত গৃহ বিভাগত ৮,৮৬৭ টা, শিক্ষা বিভাগত ১১,০৬৩ টা, জনস্বাস্থ্য কাৰিকৰী বিভাগত ৩৩০ টা, জলসম্পদ বিভাগত ১০৫ টা, সমাজ কল্যাণ বিভাগতB৬৯ টা, স্বাস্থ্য বিভাগত ২,৪১৯, কৃষিবিভাগত ৫৫ টা, পৰিৱেশ আৰু বন বিভাগত ২৩ টা, লোকনির্মাণ (পথ) বিভাগত ৮ টা, খনি আৰু খনিজ পদার্থ বিভাগত ২ টা আৰু শ্রমিক কল্যাণ বিভাগত ১৭ টা পদত নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। খানাপাৰাৰ জনাকীর্ণ খেলপথাৰখনত প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড° শৰ্মাই নিযুক্তি পত্র লাভ কৰা যুৱক-যুৱতীসকলক নিজ কর্তব্য পথত নিষ্ঠা আৰু সততাৰে আগবাঢ়ি যাবলৈ সংকল্পবদ্ধ হ’বলৈ আহ্বান জনায়। তেওঁ কয় যে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লে ৰাজ্যখনৰ যুৱক যুৱতীসকলৰ বাবে ১ লাখ চৰকাৰী নিযুক্তি আৰু ২ লাখ কর্ম সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব বুলি অসমৰ জনসাধাৰণক নিৰ্বাচনৰ প্ৰচাৰ অভিযান কালত প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণৰ দিশে ৰাজ্য চৰকাৰে ক্রমাগতভাৱে অগ্ৰসৰ হৈছে। মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে দায়িত্বভাৰ গ্ৰহণৰ পৰৱৰ্তী ৫ টা মাহ ক’ভিড মহামাৰীৰ সৈতে যুঁজ দিব লগা হৈছিল। সেই সময়ত জনসাধাৰণৰ জীৱন ৰক্ষা কৰাটোৱেই আছিল চৰকাৰৰ সর্বোচ্চ প্রাথমিকতা। ক’ভিডে সৃষ্টি কৰা আতংকময় পৰিৱেশ শেষ হোৱাৰ পিছতে ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ অধীনত বৰ্দ্ধিত আর্থিক সাহায্য, ৰাজ্যৰ মহিলা সকলৰ মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই আঁচনি প্ৰৱৰ্তনকে ধৰি বহু পদক্ষেপ লৈ নিষ্ঠা আৰু সততাৰে নিৰ্বাচনী প্রতিশ্ৰুতিসমূহ পূৰণৰ দিশে আগবাঢ়িছে। তেওঁ কয় যে ৰাজ্য চৰকাৰৰ মন্ত্রীসভাৰ প্ৰতিগৰাকী সদস্যই প্ৰতিশ্ৰুতিবোৰ পালনৰ বাবে দায়িত্বভাৰ লোৱাৰ প্রথম দিনটোৰ পৰাই কর্মযজ্ঞত নামি পৰিছিল আৰু প্ৰতিটো দিন, প্ৰতিটো পল কর্মযজ্ঞত সমৰ্পণ কৰাৰ সেই ইচ্ছা আৰু আগ্ৰহৰ ফলতে ইতিমধ্যে ৪,৭৭৯ গৰাকী যুৱক-যুৱতীক নিযুক্তি প্রদান কৰাটো সম্ভৱ হৈ উঠিছিল। এই প্ৰক্ৰিয়াৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আজি পুনৰ ২২,৯৫৮ টা পদৰ বাবে নিযুক্তি প্ৰদানৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ২০১১ চনত তেখেতে শিক্ষা মন্ত্ৰী হিচাপে দায়িত্ব বহন কৰি থকা সময়ছোৱাত নিকা আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে টেট উত্তীৰ্ণসকলক নিযুক্তি দিয়াৰ সৌভাগ্য হৈছিল। তেওঁ কয় যে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণৰ পিছত এইবাৰো যাতে কোনো ব্যক্তিয়ে প্রশ্ন উত্থাপন কৰিব নোৱাৰাকৈ সমগ্ৰ নিযুক্তি প্রক্রিয়া স্বচ্ছ হয় সেই দিশত বিশেষ গুৰুত্ব দিবলৈ সতীর্থ মন্ত্রী তথা বিষয়াসকলক তেওঁ আহ্বান জনাইছিল। বিষয়া কৰ্মচাৰীসকলৰ যদি সদিচ্ছা নাথাকে তেতিয়া নিকা নিযুক্তি সম্ভৱ হৈ নুঠে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে আজিৰ এই নিযুক্তি প্রদান প্রক্রিয়া নিকা আৰু স্বচ্ছ কৰি তোলাৰ বাবে সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে। আজি নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থকা যুৱক-যুৱতীসকলক উদ্বুদ্ধ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই তেওঁলোকক সমাজৰ নিঃস্বজনৰ জীৱনলৈ পৰিৱৰ্তন আনিব পৰাকৈ কৰ্মত ব্ৰতী হোৱাৰ পণ ল’বলৈ আহ্বান জনায়। তেওঁ কয় যে দুর্নীতিক প্রশ্রয় নিদি সমাজৰ দুখীয়া-দৰিদ্ৰ লোক সকলৰ জীৱন ধাৰণৰ মান উন্নীত কৰাৰ সেই পণ আৰু সংকল্পইহে জীৱন মহীয়ান কৰিব। অসমৰ চৰকাৰী চাকৰিয়ালসকলে ৰাজ্যখনৰ ভাগ্যৰ পৰিৱৰ্তন কৰিব পাৰে বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্রীয়ে কয় যে বিগত সময়ছোৱাত ৰাজ্য চৰকাৰে লোৱা ‘মিছন বসুন্ধৰা’ আদিকে ধৰি বিভিন্ন আঁচনি তথা পদক্ষেপসমূহে জনসাধাৰণৰ মাজত আশাৰ সৃষ্টিকৰিবলৈ সক্ষম হৈছে আৰু এখন নতুন অসম নিৰ্মাণৰ পথত আমি ধাবমান হৈছো। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বহু পৰিকল্পনা আৰু সহযোগিতাই ৰাজ্য চৰকাৰক সেই পথত আগুৱাই

enews north eastenewsneGOVERNMENT
Comments (0)
Add Comment