ৰাজ্যৰ সামগ্ৰিক বানপানী পৰিস্থিতি বিপজ্জনক

ৰাজ্যত বান পৰিস্থিতিয়ে ক্ৰমশঃ জটিলৰ পৰা জটিল ৰূপ ধাৰণ কৰিছে । শেহতীয়াকৈ অসমৰ লগতে প্ৰতিখন চুবুৰীয়া ৰাজ্যত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰায় সকলো নদীৰ বুকু পানীৰে ভৰি পৰে । আনকি অস্বাভাবিক ভাৱে বৃদ্ধি হৈ আছে ব্ৰহ্মপুত্ৰৰ বুকুত বাঢ়নি পানী । সোমবাৰৰ দিনটোত নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ পানী আৰু কামপুৰত কপিলীৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ আছে । আনকি সোমবাৰৰ দিনটোত পুণৰ বানত ২ জনলোকৰ মৃত্যু হয় আৰু তিনিজন সন্ধানহীন হৈ আছে । ইয়াৰ ফলত ৰাজ্যত প্ৰথমটো বানত মৃতকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পায় । উল্লেখ্য যে,  প্ৰতিখন জিলাৰ লগতে চুবুৰীয়া ৰাজ্যত হোৱা প্ৰচুৰ বৰষুণৰ পানীয়ে সৰু বৰ প্ৰতিটো জলবিদ্যুত প্ৰকল্প পানীৰে উপচি পৰে । ফলত জলবিদ্যুত প্ৰকল্প কতৃপক্ষই এৰি দিব লগা অতিৰিক্ত পানী । এই প্ৰকল্পসমুহৰ এৰি দিয়া অতিৰিক্ত পানীয়েও এতিয়া ভূতৰ ওপৰত দানহ পৰাদি নামনিৰ অঞ্চলসমুহলৈ ভয়াবহ বিপদ কঢ়িয়াই আনিছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি সোমবাৰে ৰাজ্যৰ বজালী, বাক্সা, বিশ্বনাথ,  কাছাৰ, চৰাইদেউ, দৰং, ধেমাজি, ডিব্ৰুগড়, ডিমা হাচাও,  হোজাই, কামৰূপ গ্ৰাম্য,  পশ্চিম কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, নগাঁও, নলবাৰী, শোণিতপুৰ, তামুলপুৰ আৰু কামৰূপ মহানগৰ জিলাৰ লগতে ওদসলগুৰি জিলাত বৰষুণ আৰু বাঢ়নি পানীয়ে ভয়াবহ পৰিস্থিতি সৃষ্টি কৰা বুলি সদৰি কৰিছে । কাৰ্যতঃ ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতেই স্থান বিশেষে অতি অভাবনীয় পৰিস্থিতি সৃষ্টি কৰিছে । ভূটানৰ পৰা বৈ অহা বাঢ়নি পানীয়ে বাক্সা জিলাৰ সীমান্ত অঞ্চলসমুহৰ লগতে গৰেশ্বৰ, চিৰাং জিলাৰ বিভিন্ন অঞ্চলৰ উপৰি বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো বানে সৃষ্টি কৰিছে ভয়ংকৰ পৰিস্থিতিৰ ।

দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি, সম্প্ৰতি ২০ খন  জিলাৰ ৪৬ ৰাজহ চক্ৰৰ ৬৫২ খন গাঁও বানৰ তলত বুৰ গৈছে । ইয়াৰ ৯২,১১৯ জন পুৰুষ, ৬৮,৭৪০ জন মহিলা আৰু ৩৬,৩৮৯ টা শিশুসহ মুঠ ১,৯৭,২৪৮ জন লোক এই বানত কম বেছি পৰিমাণে আক্ৰান্ত হৈছে । ইফালে ইয়াৰে ১৬৬৪৫.৬১ হেক্টৰ কৃষিভূমি বান বুৰ গৈ ইয়াৰ সকলো খেতি নষ্ট হোৱা কৃষক ৰাইজে বুকু চপৰিয়াই হাহাকাৰ কৰিব লগা অৱস্থা হৈছে । আনহাতে এই বানত বৰ্তমানলৈ কেঁচা-পকাসহ ২০৯৯ টা ঘৰ সমূলি নষ্ট হৈ পৰিছে । একেদৰে বৰ্তমানলৈ ৬০ টা গ্ৰাম্য পথ আৰু ২০ খন দলং বানৰ পানীয়ে উটুৱাই নিয়াত সেই অঞ্চলত যি অভাৱনীয় পৰিস্থিতি হৈছে সেয়া বৰ্ণতাতীত । প্ৰতিটো অঞ্চলতেই এতিয়া বন্যাৰ্তই নিৰাপদ আশ্ৰয় স্থল বিচাৰি হাহাকাৰ কৰিব লগা হৈছে । ইয়াৰ মাজতে স্থানীয় প্ৰশাসনে বিভিন্ন স্থানত এতিয়ালৈ  ১২ টা আশ্ৰয় শিবিৰ আৰু  ৫৫ টা সাহায্য শিবিৰ স্থাপন কৰি বানত ঘৰবাৰী হেৰুওৱা লোকক ৰখাৰ ব্যৱস্থা কৰা হৈছে । ইফালে নগাঁও জিলাত বৰপানীৰ পিছত কালৰূপ ধাৰণ কৰিছে কপিলীয়ে । ফলত জিলাখনৰ কামপুৰ আৰু ৰহা ৰাজহ চক্ৰত কপিলীৰ বানে হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰিছে । দুয়োটা চক্ৰৰ ৩৯ খন ৰাজহ গাঁও বানৰ কবলত পৰিছে । জিলাখনত সৃষ্টি হোৱা প্ৰথমটো বানত ৰহাৰ চাইবুকত এটা বান্ধ চিগিছে । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে চাইবুকত নিৰ্মাণ কৰা বান্ধটো কপিলীৰ পানীয়ে ভাঙি পেলোৱাত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে । বানৰ লগতে ৰহা আৰু কামপুৰত খহনীয়াৰো সৃষ্টি হৈছে । শনিবাৰৰ বিয়লিৰ পৰা ভলভলিয়া গাঁৱত ব্যাপক খহনীয়াৰ সৃষ্টি হৈছে । পিপৰা গাঁও , পূব পিপৰা গাঁও, বগলাজানটো, বাহেকাবাৰীত সৃষ্টি হৈছে খহনীয়া । গোসাইগাঁও লোকনির্মান বিভাগৰ পথ কামপুৰ-যমুনামূখ, কামপুৰ-চাংচকি লোকনির্মান বিভাগৰ পথৰ ক্ষতি সাধন কৰিছে বানে কামপুৰৰ চাইবুক গাঁও পুথিভড়ালত জিলা প্রশাসনে এটি আশ্রয় শিবিৰ স্থাপন কৰিছে । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা নিৰ্মিত মথাউৰি ভগাৰ পিছত নগাঁও জলসম্পদৰ বিষয়া পিংকু তামুলীৰ নেতৃত্বত আৰু লোকনিৰ্মান বিভাগৰ বিষয়া গোবিন সিঙে বান প্ৰতিৰোধৰ বাবে শনিবাৰৰ নিশাৰ পৰা কাম কৰি আছে । জিলা উপায়ুক্ত নিসর্গ হিবৰে, জিলা উন্নয়ন আয়ুক্ত উদয়াদিত্য গগৈ, চক্ৰ বিষয়া সুজাতা গগৈ, ডি ডি এম এৰ বিষয়া বিজয়ন্ত গোস্বামীয়ে বান আক্রান্ত এলেকাত উপস্হিত হৈ পৰিস্থিতি তদাৰক কৰিছে । ইফালে প্রয়োজনীয় সাহাৰ্য অভিযানৰ বাবে নগাঁও জিলা প্রশাসনে এছ ডি আৰ এফৰ দলক সাজু কৰি ৰাখিছে বুলি জানিব পৰা গৈছে  ।

enewsneenewsnorth eastfloodstate
Comments (0)
Add Comment