বাৰিষাৰ প্ৰথমটো বানত লক্ষাধিক লোক ক্ষতিগ্ৰস্ত

বছৰৰ প্ৰথমটো বানে ৰাজ্যত যি কালান্তক ৰূপ ধাৰণ কৰি এফালৰ পৰা সকলো ঢাহি মুহি নিছে, তাতেই জীয়াই থকাৰ শেষ সম্বলখিনিও উটি গৈছে । দিনৰ পিছত দিন ধৰি হোৱা মুষলধাৰ বৰষুণ আৰু বাঢ়নি পানীয়ে চকুৰ সন্মুখতে উটুৱাই নিছে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ একমাত্ৰ ৰোজগাৰৰ পথস্বৰূপ খেতিডৰা কিম্বা মাছৰ পুখুৰীটো । চকুৰ সন্মুখতে আপোন ঘৰখনৰ লগতে ভেটিমাটি, খেতিমাটি, লহপহকৈ ফল ধৰা খেতিডৰা সকলো বানত উটি গৈছে কিম্বা বানত বুৰ গৈ সকলো খেতি নষ্ট হৈ পৰিছে । ঘৰ মাটি হেৰুওৱা লোকৰ বুকুৰ দু:সহ বেদনা কি সেয়া মাথো সকলো হেৰুৱাই ৰিক্ত হোৱা জনেহে উপলব্ধি কৰিব । তেওঁলোকেহে বুজিব চকুৰ সন্মুখতে আপোন ঘৰ মাটিৰ লগতে গো-ধন আদি হেৰুওৱাৰ মৰ্মবেদনা । কিন্তু ৰাজ্যৰ সৰ্বত্ৰ এতিয়া এইদৰে বানত সকলো হেৰুওৱা লোকৰ মৰ্মবেদনাৰে ভৰা হাজাৰ হাজৰ লোকৰ হাহাকাৰ আৰু আৰ্ত চিৎকাৰেৰে ভৰি পৰিছে । চাৰিওফালে মাথো হেৰুওৱা লোকৰ হাহাকাৰ আৰু হাহাকাৰ । কিন্তু দিন যোৱাৰ লগে লগে ৰাজ্যত বান পৰিস্থিতিয়ে ক্ৰমশঃ অধিক জটিলৰ পৰা জটিল ৰূপ ধাৰণ কৰিছে । শেহতীয়াকৈ অসমৰ লগতে প্ৰতিখন চুবুৰীয়া ৰাজ্যত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰায় সকলো নদীৰ বুকু পানীৰে ভৰি পৰে । আনকি অস্বাভাবিক ভাৱে বৃদ্ধি হৈ আছে ব্ৰহ্মপুত্ৰৰ বুকুত বাঢ়নি পানী । সোমবাৰৰ দিনটোৰ লগতে মংগলবাৰেও নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ পানী আৰু কামপুৰত কপিলীৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ আছে । আনকি মংগলবাৰৰ দিনটোত পুনৰ বানত ১ জনলোকৰ মৃত্যু হয় আৰু তিনিজন সন্ধানহীন হৈ আছে । ইয়াৰ ফলত ৰাজ্যত প্ৰথমটো বানত মৃতকৰ সংখ্যা ৮ জনলৈ বৃদ্ধি পায় । উল্লেখ্য যে,  প্ৰতিখন জিলাৰ লগতে চুবুৰীয়া ৰাজ্যত হোৱা প্ৰচুৰ বৰষুণৰ পানীয়ে সৰু বৰ প্ৰতিটো জলবিদ্যুত প্ৰকল্প পানীৰে উপচি পৰে । ফলত জলবিদ্যুত প্ৰকল্প কতৃপক্ষই এৰি দিব লগা অতিৰিক্ত পানী । এই প্ৰকল্পসমুহৰ এৰি দিয়া অতিৰিক্ত পানীয়েও এতিয়া ভূতৰ ওপৰত দানহ পৰাদি নামনিৰ অঞ্চলসমুহলৈ ভয়াবহ বিপদ কঢ়িয়াই আনিছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি মংগলবাৰে ৰাজ্যৰ বজালী, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, দৰং, ধেমাজি, ডিব্ৰুগড়, ডিমা হাচাও, গোৱালপাৰা, হাইলাকান্দি, হোজাই, কামৰূপ গ্ৰাম্য,  পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শোণিতপুৰ, তামুলপুৰ আৰু ওদালগুৰি জিলাসহ মুঠ ২৬ খন জিলালৈ বান পৰিস্থিতি সম্প্ৰসাৰিত হৈ পৰে । এই ২৬ খন জিলাতেই বৰষুণ আৰু বাঢ়নি পানীয়ে ভয়াবহ পৰিস্থিতি সৃষ্টি কৰা বুলি সদৰি কৰিছে ।

কাৰ্যতঃ ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতেই স্থান বিশেষে অতি অভাবনীয় পৰিস্থিতি সৃষ্টি কৰিছে । ভূটানৰ পৰা বৈ অহা বাঢ়নি পানীয়ে দাঁতিকাষৰীয়া বাক্সা জিলাৰ সীমান্ত অঞ্চলসমুহৰ লগতে গৰেশ্বৰ, চিৰাং জিলাৰ বিভিন্ন অঞ্চলৰ উপৰি বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো বানে সৃষ্টি কৰিছে ভয়ংকৰ পৰিস্থিতিৰ । মংগলবাৰে দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সদৰি কৰা তথ্য অনুসৰি, সম্প্ৰতি ২৬ খন  জিলাৰ ৬৭ ৰাজহ চক্ৰৰ ১০৮৯ খন গাঁও বানৰ তলত বুৰ গৈছে । ৰাজ্যৰ বজালী, সৰ্থেবাৰী, বিশ্বনাথ, গহপুৰ, হেলেম, সৃজনগ্ৰাম, বইটামাৰী, কাটিগড়া, শিলচৰ,লক্ষিপুৰ, উদাৰবন্দ, সোণাই, সাপেখাতি, পাথৰিঘাট, মংগলদৈ, ছিপাঝাৰ, দলগাঁও, ধেমাজি, জোনাই, চিচিবৰগাঁও, চাবুৱা, হাফলং, ৰংজুলি, আলগাপুৰ, লংকা, হোজাই, ডবকা, ৰঙিয়া, সোণাপুৰ, আজাৰা, দিছপুৰ, গুৱাহাটী, দনকামকাম, বদৰপুৰ, কৰিমগঞ্জ, কোকৰাঝাৰ, গোসাইগাঁও, ভাওৰাগুৰি, বগৰিবাৰী, উত্তৰ লখিমপুৰ, বিহপুৰীয়া, নাওবৈচা, নাৰায়ণপুৰ, মাজুলি, উজনি মাজুলি, মায়ং, মৰিগাঁও, ৰহা, কামপুৰ, বানেকুচি, বৰভাগ, নলবাৰী, টিহু, ঠেলামৰা, চাৰিদুৱাৰ, ঢেকীয়াজুলি, নৱদুৱাৰ, তেজপুৰ, গোৰেশ্বৰ, ওদালগুৰি, মাজবাট, কলাইগাঁও আৰু খৈৰাবাৰীসহ ভয়াবহ বান বিভীষিকাত পৰা মুঠ ৬৭ ৰাজহ চক্ৰৰ ১,৮৩,১৫২ জন পুৰুষ, ১,৩৯,৫৪১ জন মহিলা আৰু ৮০,৬৫৯ টা শিশুসহ মুঠ ৪,০৩,৩৫ জন লোক এই বানত কম বেছি পৰিমাণে আক্ৰান্ত হৈছে । ইফালে ইয়াৰে ৩২৯৪৪.৫২ হেক্টৰ কৃষিভূমি বান বুৰ গৈ ইয়াৰ সকলো খেতি নষ্ট হোৱা কৃষক ৰাইজে বুকু চপৰিয়াই হাহাকাৰ কৰিব লগা অৱস্থা হৈছে । আনহাতে এই বানত বৰ্তমানলৈ কেঁচা-পকাসহ ৩৮০২ টা ঘৰ সমূলি নষ্ট হৈ পৰিছে । একেদৰে যোৱা ২৪ ঘণ্টাৰ ভিতৰত ৭৩ টা গ্ৰাম্য পথ আৰু ৬ খন দলংসহ মুঠ ৯৬ টা আন্ত:গাঁথনি এই বানৰ পানীয়ে উটুৱাই নিয়াত সেই অঞ্চলত যি অভাৱনীয় পৰিস্থিতি হৈছে সেয়া বৰ্ণতাতীত । প্ৰতিটো অঞ্চলতেই এতিয়া বন্যাৰ্তই নিৰাপদ আশ্ৰয় স্থল বিচাৰি হাহাকাৰ কৰিব লগা হৈছে । ইয়াৰ মাজতে স্থানীয় প্ৰশাসনে বিভিন্ন স্থানত এতিয়ালৈ  ৮৯ টা আশ্ৰয় শিবিৰ আৰু  ৯০ টা সাহায্য শিবিৰ স্থাপন কৰি বানত ঘৰবাৰী হেৰুওৱা লোকক সাহায্যৰ লগতে ৰখাৰ ব্যৱস্থা কৰা হৈছে । ইফালে মংগলবাৰলৈ ডিমা হাচাও জিলাখনৰ অৱস্থা ক্ৰমে জটিলৰ পৰা জটিল হৈ পৰিছে । পাহাৰীয়া জিলাখনৰ দিন ৰাতি বৰষুণ অব্যাহত থকাত পৰিস্থিতি কিমান ভয়ংকৰ হৈ পৰিছে সেয়া বৰ্ণনাতীত । সকলো ধৰণৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা বন্ধ হৈ পৰাত জিলাখনত এতিয়া খাদ্য সামগ্ৰীৰ লগতে পে’ট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ অভাৱত ইয়াৰ স্থানীয় ৰাইজে এসাজ খোৱাৰ বাবেও হাজাৰবাৰ চিন্তা কৰিবলগা পৰিস্থিতি হৈছে । এতিয়াও জিলাখনৰ বিভিন্ন স্থানত বহু লোক আবদ্ধ হৈ থকা বায়ু সেনাৰ বিমানেৰে উদ্ধাৰ চলাই থকা হৈছে । উল্লেখ্য যে, মংগলবাৰে বতৰ বিজ্ঞান কেন্দ্ৰই অহা ৫ দিনলৈ ৰাজ্যৰ প্ৰতিখন জিলাত প্ৰচুৰ বৰষুণ দিব বুলি আগজাননী দিছে । এনে পৰিস্থিতিত ডিমা হাচাও জিলাত প্ৰশাসনে ৰেড এলাৰ্ট জাৰি কৰি সকলো লোকক প্ৰয়োজন অবিহনে ঘৰৰ বাহিৰত ওলাই অহাত নিষেধাজ্ঞা আৰোপ কৰিছে৷

assamenewsneenewsnorth eastflood
Comments (0)
Add Comment