প্ৰাচীন মঠ মন্দিৰ সংৰক্ষণৰ দায়িত্ব সকলো ভাৰতীয়ৰ

জ্ঞানব্যাপী মন্দিৰক লৈ আছাদউদ্দিন ওৱেছিকে ধৰি মুছলীম পক্ষই এক প্ৰচাৰ চলাইছে যে “জ্ঞানব্যাপী” ১৯৯১ ৰ Places of Worship Act 1991ৰ আওতাত পৰে। সেয়ে এইটো মছজিদ হৈয়েই থাকিব। ইয়াক মন্দিৰ কৰিব নোৱাৰিব। ( ১৯৯১ কংগ্ৰেছৰ নৰশিমা ৰাও চৰকাৰে অনা এই হিন্দু বিৰোধী কলংকিত আইন খনৰ মতে ১৯৪৭ চনৰ ১৫ আগষ্টলৈকে দেশৰ সকলো উপাসনা থলী যি ৰূপত আছিল সেই ৰূপতেই থাকিব। কোনো পৰিৱৰ্তন হব নোৱাৰিব। অৰ্থাৎ যি ৪০ হাজাৰ মন্দিৰ মোগলে ভাঙি মছজিদ বনালে সেইবোৰ মছজিদ হৈয়েই ৰৈ যাব। ) এই আইনৰ দোহাই দি মুছলীম পক্ষই তৰ্জন গৰ্জন কৰি আছে। কিন্ত কি হব ! এই এক্টত এনে এটা ধাৰা আছে যি হিন্দুৰ দাবীক ১০০% সমৰ্থন কৰে।

এই অধিনিয়ম অযোধ্যাৰ ৰামজন্ম ভূমিৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। একেদৰে এই অধিনিয়ম সেইবোৰ পূজা স্থানত প্ৰযোজ্য নহব যিবোৰ ঐতিহাসিক নাইবা প্ৰাচীন স্মাৰক হব , অথবা পুৰাতাত্বিক স্থল আৰু অবশেষ অধিনিয়ম ১৯৫৮ (Archaeological sites and Remains Act 1958) ৰ দ্বাৰা চিহ্নিত আৰু স্বীকৃত হব। 1991 Places of Worship Act ৰ Section 4(3)ৰ মতে, এনেবোৰ ১০০ বছৰ পুৰণি পৌৰাণিক ৰাষ্ট্ৰীয় স্মাৰক এই আইনৰ আওতালৈ নাহিব। এনেবোৰ স্থলীক ASI য়ে Ancient Monument and Archaeological and Remains Act 1958ৰ দ্বাৰা সংৰক্ষিত কৰিব পাৰিব। এই অধিনিয়মৰ দ্বাৰা ২০০৭ চনত চিমলাৰ এটা চাৰ্ছক ঐতিহাসিক স্মাৰক বুলি চিহ্নিত কৰি ASIয়ে এই চাৰ্ছটো নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল। ইয়াক লৈ কিছু বিতৰ্কৰ সৃষ্টিৰ চেষ্টা কৰা হৈছিল যদিও কামত নাহিল। আজিও মুছলীম পক্ষই কংগ্ৰেছৰ ১৯৯১ হিন্দু বিৰোধী আইন খনৰ আশাত জ্ঞানব্যাপী মন্দিৰ “মছজিদ ” হৈ ৰৈ যাব বুলি আশা কৰি আছে। কিন্ত এই অধিনিয়মৰ এটা বিশেষ ছেকশ্বন হিন্দুৰ পক্ষত থিয় হৈ আছে। সেয়ে নন্দী মহাৰাজৰ দীৰ্ঘ অপেক্ষা সমাপ্ত হোৱাৰ পথত। প্ৰভুৰ লগত কোটি কোটি নন্দীৰ মহামিলন সমাগত বুলি নিশ্চিত হব পাৰি।

enews north eastenewsnemandir
Comments (0)
Add Comment