সুৰক্ষা নিয়ম উলংঘা কৰিলে এয়াৰ ভিস্তাৰাৰ। ভাৰতৰ বিমান নিয়ন্ত্ৰকে এয়াৰ ভিস্তাৰাক বিহিলে ১০ লাখ টকা পৰ্যন্ত জৰিমনা। এজন অনুচিত প্ৰশিক্ষিত পাইলটক মধ্য প্ৰদেশৰ ইন্দোৰ বিমানবন্দৰত যাত্ৰীসকলৰ সৈতে বিমান অৱতৰণ কৰিবলৈ দিয়াৰ বাবে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে (ডিজিচিএ) এয়াৰলাইনটোক জৰিমনা বিহাৰ ঘটনাটো পোহৰলৈ আহিছে।
বিমানখনৰ প্ৰথম বিষয়া পাইলটজনে শেহতীয়াকৈ চিমুলেটৰত প্ৰয়োজনীয় প্ৰশিক্ষণ নোপোৱাকৈ বিমানখন ইন্দোৰ বিমানবন্দৰত অৱতৰণ কৰাৰ কথা জানিব পৰা গৈছে। এজন বিষয়াৰ ভাষ্য মতে, “এইটো এটা গুৰুতৰ উলংঘন আছিল যাৰ ফলত বিমানত থকা যাত্ৰীসকলৰ জীৱন বিপদাপন্ন হৈছিল।”
প্ৰথম বিষয়াসকলক যাত্ৰী থকা প্ৰকৃত বিমানত সম্পূৰ্ণ ভাৱে কৰ্মৰত হ’বলৈ অনুমতি দিয়াৰ আগতে চিমুলেটৰত বিমান অৱতৰণ কৰিবলৈ প্ৰশিক্ষণ দিয়া হয়। এজন অধিনায়ককো প্ৰথম বিষয়াজনক অৱতৰণৰ নিৰ্দেশনা দিয়াৰ আগতে একেদৰে চিমুলেটৰত প্ৰশিক্ষণ দিয়া হয়।
যদিও উক্ত ভিস্তাৰা বিমানখনৰ প্ৰথম বিষয়াকে ধৰি কেপ্টেইনক চিমুলেটৰত প্ৰশিক্ষণ নিদিয়াকৈ বিমানখন অৱতৰণ কৰাৰ ঘটনাটো বাৰুকৈ নোমহৰ্ষক। এই কাণ্ডটোৱে বিমানত থকা যাত্ৰীসকলৰ জীৱনলৈ বাৰুকৈ বিপদজনক। এই ঘটনাটো বাৰুকৈ এক গুৰুতৰ উলংঘন। ইন্দোৰত অৱতৰণৰ সময়তে এই ত্ৰুটিটো চিনাক্ত কৰা হৈছিল।