ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ গ্ৰাহকলৈ সকাহ

এতিয়াৰে পৰা এলপিজি চিলিণ্ডাৰৰ ৰাজসাহায্য লাভ কৰিব গ্ৰাহকে।কেন্দ্ৰীয় চৰকাৰৰ তেল বিষয়ক বিভাগৰ  সচিব পংকজ জৈনে সদৰি কৰিলে এই কথা।যদিও এই ৰাজসাহায্য কেৱল সীমিত হিতাধিকাৰীৰ বাবে উপলব্ধ হ’ব আৰু বাকী ব্যৱহাৰকাৰীসকলে বজাৰ মূল্যতে চিলিণ্ডাৰ ক্ৰয় কৰিব লাগিব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মাৰ্চ মাহত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ওপৰত বিশেষ গ্ৰাহকক ৰাজসাহায্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে।

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়া সংযোগ লাভ কৰা প্ৰায় ন কোটি দৰিদ্ৰ মহিলা আৰু অন্যান্য হিতাধিকাৰীৰ বাবে ৰন্ধন গেছৰ চিলিণ্ডাৰত ৰাজসাহায্য উপলব্ধ হ’ব। ক’ভিডৰ আৰম্ভনিৰে  পৰা এলপিজি ব্যৱহাৰকাৰীসকলক কোনো ৰাজসাহায্য দিয়া হোৱা নাছিল।

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিখন ২০১৬ চনৰ মে’ মাহত গাঁৱৰ দুখীয়া পৰিয়ালবোৰৰ কল্যাণৰ বাবে  আৰম্ভ কৰা হৈছিল৷উল্লেখ্য যে শেহতীয়া ৰাজসাহায্য ঘোষণা কৰাৰ আগতে উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসহ সকলো এলপিজি ব্যৱহাৰকাৰীয়ে ২০২০ চনৰ জুন  মাহত ৰাজসাহায্য বন্ধ কৰাৰ পিছত বজাৰ দৰতে  এলপিজি চিলিণ্ডাৰ ক্ৰয় কৰিছিল।  এতিয়াৰে পৰা  প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ বাবে প্ৰতিটো চিলিণ্ডাৰত ২০০ টকাৰ ৰাজসাহায্য  তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ চৰকাৰে জমা কৰিব।

INDIALPGNirmala Sitharaman
Comments (0)
Add Comment