দেশৰ ৰাজনীতিত পুনৰ উত্থাপন নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগ। যদিও মুখ্যমন্ত্ৰীয়ে কোনোৰপধ্যেই ৰাজ্যত কাৰ্যকৰী হ’ব নিদিয়ে নাগৰিকত্ব সংশোধনী আইন। তেওঁৰ চৰকাৰে বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন (CAA) কাৰ্যকৰী নকৰে বুলি দৃঢ়়ভাৱে নিজৰ মত প্ৰকাশ কৰিলে।
নাগৰিকত্ব সংশোধনী আইন, ভাৰতৰ সংসদৰ দ্বাৰা ২০১৯ চনৰ ১১ ডিচেম্বৰত গৃহীত হৈছিল৷ কিন্তু এতিয়াও এই আইন কাৰ্যকৰী হোৱা নাই৷ এই আইনৰ উদ্দেশ্য হৈছে আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানত উৎপীড়নৰ সন্মুখীন হোৱা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ সদস্যসকলক নাগৰিকত্ব প্ৰদান কৰা।
চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপনৰ সমাপ্তি উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভাষণ দি তেওঁ কয়, নাগৰিকত্ব সংশোধনী আইন (চিএএ) সন্দৰ্ভত চৰকাৰৰ স্পষ্ট স্থিতি আছে আৰু সেই স্থিতি অব্যাহত থাকিব।মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ভাৰতৰ সংবিধানত উল্লেখ কৰা অনুসৰি আমাৰ দেশ ধৰ্মনিৰপেক্ষতাৰ নীতিৰ আধাৰত পৰিচালিত৷ আজিকালি ধৰ্মনিৰপেক্ষতাক ধ্বংস কৰাৰ চেষ্টা চলাই থকা হৈছে। দেশৰ এটা নিৰ্দিষ্ট গোট এই বিষয়ে যথেষ্ট চিন্তিত। শেহতীয়া এটা ঘটনাত, কিছুমান লোকে ধৰ্মৰ আধাৰত নাগৰিকত্ব নিৰ্ধাৰণ কৰি আছিল।
পিছে এই ঘটনা কেৰেলাৰ।কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে কোনোপধ্যেই নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হ’বলৈ নিদিয়ে।দেশৰ ৰাজনীতিত পুনৰ উত্থাপন হৈছে নাগৰিকত্ব (সংশোধনী) আইনৰ প্ৰসংগ৷ কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে দৃঢ়তাৰে কয় যে তেওঁৰ চৰকাৰে বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) আইন (চিএএ) কাৰ্যকৰী নকৰে। কেৰালা চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপনৰ সমাপ্তি উপলক্ষে আয়োজিত এক অনুষ্ঠানত প্ৰদান কৰা ভাষণত চৰকাৰৰ এই স্থিতি স্পষ্ট কৰে। আৰু সেই স্থিতি অব্যাহত থাকিব বুলি মত প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ভাৰতৰ সংবিধানত উল্লেখ কৰা অনুসৰি আমাৰ দেশ ধৰ্মনিৰপেক্ষতাৰ নীতিৰ আধাৰত পৰিচালিত৷ আজিকালি ধৰ্মনিৰপেক্ষতাক ধ্বংস কৰাৰ চেষ্টা চলাই থকা হৈছে। দেশৰ এটা নিৰ্দিষ্ট গোট এই বিষয়ে যথেষ্ট চিন্তিত। শেহতীয়া এটা ঘটনাত, কিছুমান লোকে ধৰ্মৰ আধাৰত নাগৰিকত্ব নিৰ্ধাৰণ কৰি আছিল। কেৰালা চৰকাৰে এই ঘটনাৰ বিৰুদ্ধে দৃঢ় স্থিতি গ্ৰহণ কৰিছে।
তেওঁ কয়, নাগৰিকৰ মাজত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তত কেইবাটাও প্ৰচেষ্টা চলিছে৷ কিন্তু ইয়াত, আমাৰ সমাজৰ আটাইতকৈ দৰিদ্ৰ পৰিয়ালবোৰ চিনাক্ত কৰিবলৈ এটা জৰীপ সম্পূৰ্ণ কৰা হৈছে। এই জৰীপৰ অংশ হিচাপে পৰৱৰ্তী পদক্ষেপ লোৱা হ’ব৷