আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ স্থিতি

আৰ এছ এছৰ মুৰব্বী মোহ ভাগৱতে নাগপুৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তৃতীয় বৰ্ষৰ বিষয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠানত কয় যে প্ৰতিটো মছজিদতে শিৱলিংগ বিচাৰি উলিওৱাৰ আৰু প্ৰতিদিনে এটা নতুন বিবাদ আৰম্ভ কৰাৰ কোনো প্ৰয়োজন নাই। জ্ঞানৱাপী মছজিদ প্ৰসঙ্গ উত্থাপন কৰি ভাগৱতে এই মন্তব্য কৰিছে। তেওঁ লগতে কয় যে জ্ঞানৱাপী বিবাদত লোক বিশ্বাসৰ কিছুমান বিষয় জড়িত আছে আৰু ইয়াৰ ওপৰত আদালতৰ সিদ্ধান্ত সকলোৱে গ্ৰহণ কৰিব লাগে।

ৰাম মন্দিৰ বা অযোধ্যা আন্দোলনত আৰ এছ এছৰ অংশগ্ৰহণক এক ঐতিহাসিক আৰু ব্যতিক্ৰমী কাৰক হিচাপে আখ্যা দি ভাগৱতে কয় যে ঐতিহাসিক কাৰণত আমি ৰাম জন্মভূমি অভিযানত জড়িত হৈছিলো আৰু ইয়াক বৰ্তমান সম্পূৰ্ণ কৰা হৈছে। “এতিয়া আমি কোনো আন্দোলনৰ নেতৃত্ব দিব নিবিচাৰো” বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ভাগৱতে।

নিজ ভাষণত ভাগৱতে কয়, “কিছুমান ঠাইৰ প্ৰতি আমাৰ বিশেষ ভক্তি আছিল আৰু আমি সেই স্থানসমূহৰ বিষয়ে কথা পাতিছিলো। কিন্তু আমি দৈনিক এটা নতুন বিষয় উলিয়াব নালাগে। আমি কিয় বিবাদ বৃদ্ধি কৰিব লাগে? প্ৰতিটো মছজিদতে কিয় শিৱলিংগ বিচাৰিব লাগে?” 

আৰ এছ এছৰ মুৰব্বী গৰাকীয়ে লগতে বাৰানসীৰ জ্ঞানৱাপী মছজিদৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ ওপৰত পাৰস্পৰিক চুক্তিৰ জৰিয়তে পথৰ সন্ধান কৰিবলৈ আহ্বান জনায়।জ্ঞানৱাপী মছজিদ গোচৰ সন্দৰ্ভত মোহন ভাগৱতে কয়, “এতিয়া জ্ঞানৱাপী মছজিদৰ বিষয়টো চলি আছে। ইতিহাসক আমি সলনি কৰিব নোৱাৰো। আমি সেই ইতিহাস লিখা নাছিলো, হিন্দু বা বৰ্তমানৰ মুছলমান সকলেও লিখা নাই। এইয়া অতীতত ঘটিছিল।”

আৰ এছ এছ কোনো ধৰণৰ উপাসনাৰ বিৰোধী নহয় বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে মুছলমানসকল ভাৰতলৈ অহাৰ সময়ত ভাৰতীয়সকলৰ মনোবল ভাঙিবলৈ হাজাৰ হাজাৰ মন্দিৰ ধ্বংস কৰি মছজিদ প্ৰতিষ্ঠা কৰিছিল। সেয়া মুছলমানসকলৰ উপাসনা স্থলী। আৰ এছ এছে সকলোকে পবিত্ৰ বুলি বিবেচনা কৰে বুলি উল্লেখ কৰি কয় যে “তেওঁলোকে হয়তো সেই ধৰণৰ উপাসনা গ্ৰহণ কৰিছিল, কিন্তু তেওঁলোক আমাৰ ঋষি, মুনি, ক্ষত্ৰিয়সকলৰ বংশধৰ। আমি একেজন পূৰ্বপুৰুষৰ বংশধৰ।” তেওঁ কয়।

ভাগৱতৰ মতে, যদি মনত কোনো সমস্যা থাকে ই বৃদ্ধি পাব পাৰে। এই সমস্যাৰ পাৰস্পৰিক চুক্তিৰ জৰিয়তে সমাধানৰ পথ বিচাৰি উলিয়াব লাগে। আনহাতে ৰাম মন্দিৰ গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ক উপেক্ষা কৰি এই ৰায়ৰ বিৰুদ্ধাচৰণ কৰা ভাগৱতে লগতে দেশৰ ন্যায় ব্যৱস্থাক ধাৰ্মিক আৰু সৰ্বোচ্চ বুলি বিবেচনা কৰিবলৈও আহ্বান জনায়। ন্যায় ব্যৱস্থাৰ সিদ্ধান্তৰ ওপৰত প্ৰশ্ন কৰা উচিত নহয় বুলিও ভাগৱতে মত পোষণ কৰে।

MOHAN BHAGAWAT
Comments (0)
Add Comment