অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে আন এক সুখবৰ

অহা মাহৰ পৰা ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছৰ বাবে ঘোষিত ভাৰতৰ পুৰুষ বক্সিং দলত স্থান লাভ কৰিছে বক্সাৰ শিৱ থাপাই। এয়া ৰাজ্যবাসীৰ বাবে বাৰুকৈ গৌৰৱৰ বিষয়।

কালি অনুষ্ঠিত হোৱা কমনৱেলথ গেমছৰ বাবে যোগ্যতা নিৰ্ণয়কাৰী ট্ৰায়েলত ২০১৫ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী শিৱ থাপাই ২০১৮ চনৰ কমনৱেলথ গেমছৰ ৰূপৰ পদক বিজয়ী মনীষ কৌশিকক ৫-০ ব্যৱধানত পৰাস্ত কৰি বাৰ্মিংহামৰ পথ মুকলি কৰে।

আগন্তুক কমনৱেলথ গেমছত শিৱ থাপাই ৬৩.৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াব।উল্লেখ্য যে বক্সাৰগৰাকীয়ে কেৰিয়াৰত দ্বিতীয়বাৰৰ বাবে কমনৱেলথ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব। ইয়াৰ পূৰ্বে ২০১৪ চনৰ গ্লাচগ’ কমনৱেলথ গেমছত ভাৰতীয় দলৰ অংশ আছিল শিৱ থাপা

COMMON WEALTH GAMESINDIAN MEN BOXING TEAMSHIVA THAPA
Comments (0)
Add Comment