ক’ভিডত আক্ৰান্ত কংগ্ৰেছৰ সভানেত্ৰী ছোনীয়া গান্ধী

মহামাৰী ক’ভিডত আক্ৰান্ত কংগ্ৰেছৰ সভানেত্ৰী ছোনীয়া গান্ধী।বুধবাৰে সন্ধিয়া কংগ্ৰেছৰ সভানেত্ৰীয়ে দেহত জ্বৰ অনুভৱ কৰিছিল।জ্বৰ হোৱা বাবেই ছোনিয়া গান্ধীৰ কৰোৱা হৈছিল কভিড টেষ্ট। বৃহস্পতিবাৰে কৰা এই কভিড পৰীক্ষা কৰোৱাৰ পিছতেই সভানেত্ৰীগৰাকীৰ দেহত কৰোণা উপস্থিতি ধৰা পৰে।কংগ্ৰেছ দলৰ প্ৰধান মুখপাত্ৰ ৰণদ্বীপ সূৰজেৱালাই কয় ছোনীয়া গান্ধীৰ স্বাস্থ্য সম্পূৰ্ণৰূপে সুস্থ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ছোনীয়া গান্ধীয়ে যেন শীঘ্ৰেই আশু-আৰোগ্য লাভ কৰে তাৰ বাবে কামনা কৰিছে।

প্ৰৱৰ্তন সঞ্চালকালয়ে বুধবাৰে অন্তৱৰ্তীকালীন কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী আৰু তেওঁৰ সাংসদ পুত্ৰ ৰাহুল গান্ধীক উত্থাপিত নেচনেল হেৰাল্ড মানি লণ্ডাৰিং গোচৰৰ সন্দৰ্ভত মাতি পঠিওৱা বুলি ‌জানিব‌ পৰা‌ গৈছে। যদিও ছোনিয়া গান্ধীক 8 জুনত তদন্তৰ বাবে যোগদান কৰিবলৈ জাননী প্ৰেৰণ কৰা হৈছে। আনহাতে যুৱ নেতা ৰাহুল‌ গান্ধীক 2 জুন তাৰিখে মাতি পঠোৱা হৈছিল।

যদিও এতিয়া ছোনিয়া গান্ধীৰ দেহত কভিডৰ উপস্থিতি ধৰা পৰাৰ বাবে ৮ জুনত এনফ’ৰ্চমেন্ট ডাইৰেক্টৰেট কাৰ্যালয়ত উপস্থিত হ’ব নিৰ্দেশ জাৰি কৰিছে।ইয়াৰ সমান্তৰালভাৱে কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধীও বৰ্তমান দেশৰ বাহিত থকাৰ বাবে ২ জুনৰ পৰিৱৰ্তে ৫ জুনৰ পিছত আদালতত উপস্থিত হব পৰাকৈ অনুমতি বিচাৰিছিল। ৰাহুল গান্ধীৰ এই আৱেদনলৈ গুৰুত্ব প্ৰদান কৰি ৮জুন তাৰিখে আদালতত হাজিৰ হোৱাৰ বাবে নিৰ্দেশ জাৰি কৰাবুলি জানিব পৰা গৈছে।

নেচনেল হেৰাল্ড কাকতৰ পুৰণা গোচৰ সম্পৰ্কত ই ডিয়ে ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীক ৮ জুনত ই ডিৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ নিৰ্দেশ দিছিল জাৰি কৰাৰ কথা ইতিমধ্যে জানি পৰা গৈছে।

covid-19Enforcement Directoraterahul gandhisonia gandhi
Comments (0)
Add Comment