অহা ৭ জুনৰ পুৱা ১০ বজাত ঘোষণা কৰা হ’ব চলিত বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল। ফলাফল ঘোষণাৰ লগে লগে ছেবাৰ ৱেবচাইটযোগে ছাত্ৰ-ছাত্ৰীসকলে ডাউনলোড কৰিব পাৰিব নম্বৰৰ তালিকা। হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলো ছাত্ৰ-ছাত্ৰীসকলে ৭ জুন তাৰিখে লাভ কৰিব।
পুৱা ১০ বজাৰ লগে লগেই ঘোষণা কৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ৪,১৯,৮৮৭ গৰাকী।ইয়াৰ ১ লাখ ৯৫ হাজাৰ ১৮১ গৰাকী ছাত্ৰ আৰু ২ লাখ ২৪ হাজাৰ ৭০৬ গৰাকী ছাত্ৰী।
১৪টাকৈ ৱেবছাইটত মেট্ৰিকৰ ফলাফল লাভ কৰিব শিক্ষাৰ্থীসকলে ।ছেবাই মুকলি কৰিছে ১৪ টাকৈ ৱেবছাইট। ৭ জুনৰ পুৱা ১০ বজাৰ পৰা ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ নম্বৰ তালিকা ডাউনলোড কৰি ল’ব পাৰিব।পৰীক্ষাৰ ফলাফল আৰু মাৰ্কশ্বিট ডাউনলোড কৰিবৰ বাবে পৰীক্ষাৰ ৰোল নং আৰু নম্বৰ সংশ্লিষ্ট ৱেবচাইটৰ উপলব্ধ স্থানত পূৰণ কৰি ছাত্ৰ-ছাত্ৰী সকলে পৰীক্ষাৰ ফলাফল লাভ কৰিব। ৱেবছাইট কেইটা হৈছে ক্ৰমে-
1) results.sebeonline.org
2) resultsassam.nic.in
3) www.indiaresults.com
4) www.results.shiksha
5) www.assamshiksha
6) www.asssamonline.in
7) exametc.com
8) www.schools9.com
9) https://iresults.net
10) assamjobalerts.com
11) assamresults.in
12) necareer.com
13) www.jagranjosh.com আৰু
14)www.vidyavision.com