পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজলাবলৈ সক্ষম হ’ল মৰিয়নিৰ এগৰাকী যুৱতী।চলিত বৰ্ষৰ ২৭ আৰু ২৮ মে’ত মধ্য প্ৰদেশৰ ভূপালত অনুষ্ঠিত হোৱা ALL INDIA Rural Dance CHAMPIONSHIP ত অংশগ্ৰহণ কৰিছিল মৰিয়নিৰ যুৱতীগৰাকীয়ে।
বিজয়ীৰ খিতাপ অৰ্জন কৰি অসম তথা মৰিয়নি লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মৰিয়নিৰ এগৰাকী যুৱতীয়ে। যুৱতী গৰাকীৰ ঘৰ মৰিয়নিৰ নিউ সোনোৱাল আদৰ্শ মিছিং গাঁৱৰ কৃষ্ণা কাৰডং।যুৱতী গৰাকী বৰ্তমান নৱম শ্ৰেণীত অধ্যয়নত।
উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত সমগ্ৰ দেশৰ পৰা প্ৰায় ১৭০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল।বিজয়ী খিতাপ অৰ্জন কৰা লগতে কৃষ্ণাই লাভ কৰিছে ট্ৰফি মানপত্ৰ সহ 1,66,666 টকাৰ এখন চেক।