মুন্নাভাইৰূপী চিকিৎসকৰ হাতত প্ৰাণ গল ছয়গাঁও সমষ্টিৰ মাগুৱা বিলৰ এগৰাকী মহিলাৰ।গৰ্ভপাত কৰোৱাৰ সময়ত মৃত্যু হয় মাগুৱা বিলৰ ওমেদ আলীৰ পত্নী জামিৰণ নেছাৰ। ১০৮ৰ জৰুৰীকালীন সেৱাত কৰ্মৰত কৰ্মচাৰী ইব্ৰাহিম আলীয়ে বকোৰ তামুলদিত থকা নিজ ঘৰতে গৰ্ভপাত কৰাইছিল মহিলাগৰাকীক ৷
মুন্নাভাইৰূপী ইব্ৰাহিম আলীয়ে নিজকে চিকিৎসক বুলি পৰিচয় দি দীৰ্ঘদিনে নিজ ঘৰতে অবৈধ গৰ্ভপাতৰ ৰমৰমীয়া ব্যৱসায় চলাই আছিল ৷আজি বকোৰ তামুলদিত থকা নিজ ঘৰতে ইব্ৰাহিম আলীয়ে গৰ্ভপাত কৰোৱাৰ সময়ত মহিলা গৰাকীৰ মৃত্য হয়।ইতিমধ্য মুন্নাভাইৰূপী চিকিৎসক ইব্ৰাহিম আলীয়ে এই ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ণ কৰে বুলি জানিব পৰা গৈছে ৷ জামিৰণ নেছাৰ মৃত্যুক কেন্দ্ৰ কৰি ছয়গাঁওৰ গৰৈমাৰী আৰু বকোৰ তামুলদিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টিৰ কৰিছে ৷
উল্লেখ্য যে ছয়গাঁওৰ গৰৈমাৰী আৰু বকোৰ সোণতলী অঞ্চলৰ বিভিন্ন গাঁওত একাংশ মুন্নাভাই ৰূপী চিকিৎসকে অবৈধ গৰ্ভপাত কৰোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷প্ৰশাসনে অবৈধ গৰ্ভপাত কৰোৱা মুন্নাভাইৰূপী চিকিৎসকক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্থিৰ দাবী জনাইছে সমগ্ৰ ৰাইজে৷