আজি কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচন।পুৱা সাত বজাৰে পৰা আৰম্ভ হ’ল ভোটগ্ৰহণ প্ৰক্ৰিয়া। এইবাৰ ই ভি এম নহয় বেলট পেপাৰত হৈছে ভোটগ্ৰহণ।পাহাৰীয়া জিলাখনৰ ২৬ টা পৰিষদীয় সমষ্টিতেই হৈছে ভোটগ্ৰহণ।২৬ নং দোৱাৰবাগৰী পৰিষদীয় সমষ্টিৰ ড’লামৰাত বাছাগাওঁ, ১২নং ভক্তগাওঁ, দাদৰা, পানবাৰী, মালাচিগাওঁ আদি মুঠ ৬টা উপ-ক্ষেত্ৰীয় ভোট কেন্দ্ৰত পুৱাৰে পৰা পৰিলক্ষিত হল ভোটাৰৰ লানি নিচিগা ভিৰ। অঞ্চলটোত ৪৫৪৬ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব দোৱাৰবাগৰী পৰিষদীয় সমষ্টিত প্ৰতিদন্দিতা কৰা ৫ জন প্ৰাৰ্থীৰ ভাগ্য।
মুঠ ৯০৬ টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া। মুঠ ৭ লাখ ৩২ হাজাৰ ৯৮ টা ভোটদাতাই নিৰ্ণয় কৰিব ৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য । ইয়াৰে ৩ লাখ ৫৫ হাজাৰ ৩ গৰাকী পুৰুষ ভোটাৰ আৰু ৩ লাখ ৪৭ হাজাৰ ৭৯০গৰাকী মহিলা ভোটাৰ। কাৰ্বি পাহাৰৰ এই নিৰ্বাচনত ৫গৰাকী তৃতীয় লিংগৰ ভোটাৰেও প্ৰদান কৰিলে ভোট।
নিৰ্বাচনত শাসকীয় বিজেপিয়ে পুনৰ ক্ষমতা দখল কৰাৰ দাবী মন্ত্ৰী পীযুষ হাজৰীকা আৰু জয়ন্ত মল্ল বৰুৱাৰ। শক্তিহীন বিৰোধী পক্ষৰ সাংগঠনিক স্থিতি শোচনীয়।প্ৰধান বিৰোধী দল কংগ্ৰেছৰ বাবে দেখা দিছে অস্তিত্বৰ সংকট।আজি অনুষ্ঠিত এই নিৰ্বাচনৰ ভোটগণনা কৰা হ’ব অহা ১২ জুন তাৰিখে। ভোট প্ৰদান কৰিলে KAACৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ।বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেই হ’ব পৰৱৰ্তী চি ই এম। দৰিদ্ৰ সীমা ৰেখাৰ তলৰ যিসকল লোকে বৰ্তমানলৈকে চৰকাৰে প্ৰদান কৰা আৱাস গৃহ পোৱা নাই তেওঁলোকলৈ আৱাসগৃহ প্ৰদান কৰাৰ আশ্বাস দিয়াৰ লগতে যিবোৰ ৰাস্তা ঘাটৰ কাম বাকী আছে সম্পূৰ্ণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰিলে তুলিৰাম ৰংহাঙে। ৰংহাঙে কাৰ্বি আংলঙত এটা নতুন বিমাণ বন্দৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগত কথা পতিব বুলি সদৰি কৰাৰ লগতে আন বুহুকেইটা নতুন পৰিকল্পনাৰ কথা সংবাদ মাধ্যমৰ ওচৰত ব্যক্ত কৰা দেখিবলৈ পোৱা গ’ল।