সদ্যঘোষিত ২০২২ বৰ্ষৰ অসম মাধ্যমিক শিক্ষা পৰিষদৰ মেট্ৰিক পৰীক্ষাত ৫৮.৮০ শতাংশ ছাত্ৰ, ৫৪.৪৯ শতাংশ , ছাত্ৰীসহ উত্তীৰ্ণৰ সামগ্ৰিক হাৰ ৫৬.৪৯ শতাংশ ,শীৰ্ষৰ দহত উজলিল ১৯ খন জিলাত ৫৫ গৰাকী কীৰ্তিমান ,দশম স্থানতে সৰ্বাধিক ১৮ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণৰে অভিলেখ ,চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুতীৰ্ণৰ হাৰ ৪৩.৫১ শতাংশ। অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেৱা কতৃপক্ষই ঘোষনা কৰা ফলাফল অনুসৰি, চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ৩৬ খন জিলাৰ পৰা অৱতীৰ্ণ হোৱা মুঠ ৪,০৫,৫৮২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত উত্তীৰ্ণ হয় ২,২৯,১৩১ গৰাকী ৷ অৰ্থাৎ চলিত বৰ্ষৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণৰ সামগ্ৰিক হাৰ হৈছে ৫৬.৪৯ শতাংশ ৷
চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মংগলবাৰে ঘোষিত ফলাফল অনুসৰি পুনৰ ৰাজ্যত চৰকাৰী শিক্ষাখণ্ডৰ মান জয় পৰি যোৱাৰ বিপৰীতে ব্যক্তিগতখণ্ডৰ শিক্ষাখণ্ডৰ মান জয়জয়কাৰ হৈ উজলি উঠিবলৈ সক্ষম হয় ৷ মংগলবাৰে ঘোষিত ফলাফলৰ পিছতেই এতিয়া চৰকাৰী খণ্ডৰ মান উন্নীতকৰণৰ নামত বছৰি কোটি কোটি ধন ব্যয় কৰাৰ পিছতো কি কাৰণত চৰকাৰী শিক্ষাৰ মান প্ৰতিবছৰে অৱনমিত হৈ আহিছে ইয়াক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা চলিছে৷
প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৬৫,১৭৬ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় ৯৯,৮৫৪ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ন হয় ৬৪,১০১ গৰাকী ৷ চলিত বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল অনুসৰি এইবাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মুঠ ৬৫,১৭৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৩১,৫৫৯ গৰাকী ছাত্ৰ আৰু ৩৩,৬১৭ গৰাকী ছাত্ৰী ৷ একেদৰে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা মুঠ ৯৯,৮৫৪ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ছাত্ৰৰ সংখ্যা ৪৭,৮৫৬ গৰাকী আৰু ছাত্ৰীৰ সংখ্যা হৈছে ৫১,৯৯৮ গৰাকী ৷ তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা মুঠ ৬৪,১০১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৩১,৪৭৩ গৰাকী ছাত্ৰ আৰু ৩২,৬২৮ গৰাকী ছাত্ৰী ৷ অৰ্থাৎ এইবাৰ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৫৮.৮০ শতাংশৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ অৱনমিত হৈ হয়গৈ ৫৪.৪৯ শতাংশ ৷ উল্লেখ্য যে, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১,৮৮,৫৭০ গৰাকী ছাত্ৰৰ বিপৰীতে ২,১৭,০১২ গৰাকী ছাত্ৰী অৱতীৰ্ণ হৈছিল ৷ ইয়াৰে ১,১০,৮৮৮ গৰাকী ছাত্ৰ আৰু ১,১৮,২৪৩ গৰাকী ছাত্ৰী উত্তীৰ্ণ হয় ৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে, বিগত চাৰি বছৰৰ তুলনাত এইবাৰ ফলাফল নিম্ন হৈ পৰে৷ক’ভিডৰ সংক্ৰমণজনিত পৰিস্থিতিত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুস্থিত কৰা-নকৰাক লৈ বহু অনিশ্চয়তা আহি পৰিছিল, যদিও অৱশেষত ৪০ শতাংশ পাঠ্যক্ৰম কৰ্তনেৰে এইবাৰৰ মেট্ৰিক পৰীক্ষা অনুস্থিত কৰা হৈছিল৷