AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ এজাহাৰ দাখিল

AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে দিল্লী আৰক্ষীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ বাবে এখন এজাহাৰ দাখিল কৰে। এই ঘটনাৰ বাবে দিল্লী আৰক্ষীক তীব্ৰ সমালেচনা কৰে।এক টুইট যোগে ওৱাশীয়ে লিখিছিল যে, দিল্লী আৰক্ষীয়ে দুই পক্ষীয় নীতি চলাই শাসকীয় দলৰ সমৰ্থক সকলক শান্ত কৰিবলৈ বিৰোধীতা কৰা সকলক বুক কৰা বুলি এক আপত্তিজনক মন্তব্য কৰিছিল।

বহিষ্কৃত বিজেপি নেতা নবীন জিন্দল, সাংবাদিক চাবা নকভি, মৌলানা মুফতি নাদিম, আব্দুৰ ৰেহমান, গুলজাৰ আনছাৰী আৰু অনিল কুমাৰ মীনাৰ সৈতে আপত্তিজনক মন্তব্যৰ অভিযোগত ওৱাইচিৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ। এই গোচৰটো নিলম্বিত বিজেপি নেতা নুপুৰ শৰ্মা আৰু তেওঁ কৰা মন্তব্যৰ লগত জড়িত।

আছাদুদ্দিন ওৱেইছিয়ে দিল্লী আৰক্ষীৰ বিৰুদ্ধে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি লিখিছে- মই এজাহাৰৰ এটা অংশ হৈছো। এইটো মই দেখা প্ৰথম এজাহাৰ যিয়ে অপৰাধটো কি সেয়া নিৰ্দিষ্ট কৰা নাই। এটা হত্যাৰ বিষয়ে এখন এজাহাৰ কল্পনা কৰক য’ত আৰক্ষীয়ে অস্ত্ৰৰ কথা উল্লেখ নকৰে বা ভুক্তভোগীজন ৰক্তক্ষৰণ কৰি মৃত্যুমুখত পৰে। মই নাজানো মোৰ কোনটো নিৰ্দিষ্ট মন্তব্যই এজাহাৰখনৰ কাৰণ হৈছে।

আছাদুদ্দিন ওৱেইছিৰ অভিযোগ-“দেখা গৈছে যে দিল্লী আৰক্ষীৰ নুপুৰ শৰ্মা আৰু নবীন জিন্দলৰ বিৰুদ্ধে গোচৰ চলাবলৈ সাহস নাই।সেই বাবে ইয়াক পিছুৱাই আছে আৰু দুৰ্বল সঁহাৰি প্ৰদৰশন কৰিছে। দিল্লী আৰক্ষীয়ে সম্ভৱতঃ হিন্দুত্ববাদীসকলক অসন্তুষ্ট নকৰাকৈ এই লোকসকলৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰাৰ এটা উপায় ভাবিবলৈ চেষ্টা কৰি আছিল,”

AIMIM CHIEF Asaduddin OwaisiassamE news NE AssamINDIA
Comments (0)
Add Comment